Planting of trees:
মহানগৰীৰ জিএনবি পথত উৰণীয়া সেতু নিৰ্মাণৰ নামত দীঘলীপুখুৰী আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ পৰা স্থানান্তৰিত কৰা ৭৬ জোপা গছ জীয়াই আছে আৰু নতুন পাত ওলাইছে। গছ স্থানান্তৰকৰণক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হোৱা এখন ৰাজহুৱা স্বার্থর্জড়িত আবেদন (পিআইএল)ৰ শুনানিত অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই চৰকাৰৰ হৈ এই তথ্য দাখিল কৰে।
মুখ্য ন্যায়াধীশ আৰু আশুতোষ কুমাৰ আৰু ন্যায়াধীশ মাইকেল জথানঘুমাৰৰ খণ্ড বিচাৰপীঠে বিষয়টো আশাব্যঞ্জক বুলি মন্তব্য কৰে। অৱশ্যে উৰণীয়া সেতু নির্মাণৰ বাবে গছ কটা আৰু স্থানান্তৰ কৰা প্রক্রিয়া বন বিভাগৰ নিয়ম অনুসৰি হৈছিল নে নাই, সেয়া অৱগত কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিয়ে।
সেই অনুসৰি, মহাধিবক্তাই আবেদনখনৰ পৰৱৰ্তী শুনানিত শপতনামাযোগে উক্ত তথ্য দাখিল কৰা হ’ব বুলি জনায়। চৰকাৰৰ পৰা ন্যায়ালয়ক অবগত কৰা হয় যে উৰণীয়া সেতু নির্মাণৰ বাবে মুঠ ৭৭জোপা গছ স্থানান্তৰৰ বাবে চিনাক্ত কৰা হৈছে। তাৰে ৭৬ জোপা এতিয়ালৈকে স্থানান্তৰ কৰা হৈছে। উল্লেখ্য যে স্থানান্তৰ কৰা গছবোৰ ফাঁচীবজাৰৰ সমীপৰ ব্রহ্মপুত্রৰ পাৰত ইতিমধ্যে কৰা হৈছে ৰোপণ ৷






























