Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Jorhat Flyover:যোৰহাটৰ এ টি ৰোডৰ উৰণীয়া সেতুক লৈ দুই জনপ্রতিনিধিৰ পত্র যুদ্ধ

দুভাগত বিভক্ত যোৰহাটৰ ৰাইজ, যোৰহাটৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ ক্ষতিৰ আশংকা সাংসদ গগৈৰ, স্থানীয় লোকে উৰণীয়া সেতুক আদৰা বুলি দাবী বিধায়ক গোস্বামীৰ

publisher by publisher
February 8, 2025
in Assam, India, News
Reading Time: 2 mins read
0
Jorhat Flyover:যোৰহাটৰ এ টি ৰোডৰ উৰণীয়া সেতুক লৈ দুই জনপ্রতিনিধিৰ পত্র যুদ্ধ
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

পৱিত্ৰ গংগাত নাওত বিৰিয়ানি পাৰ্টি!

পশ্চিম এছিয়া যুদ্ধৰ মাজত বিভ্ৰান্তিকৰ পোষ্ট: ইউএইত ১৯ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা

Jorhat Flyover:

ঐতিহাসিক যোৰহাট নগৰৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈকে ১৬৮ কোটি ব্যয় সাপেক্ষে নির্মীয়মাণ ১.২৭কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতু কাম পূর্ণ গতিত চলি থকাৰ সমান্তৰালকৈ দুজন জনপ্রতিনিধিৰ পত্ৰ যুদ্ধ সম্প্রতি তুংগত উঠিছে। এজনে উৰণীয়া সেতুৰ সপক্ষে আৰু আনজনে বিপক্ষে মুখ্যমন্ত্ৰীলৈ বাৰম্বাৰ পত্ৰ লিখি ৰাইজৰ দৃষ্টি অকৰ্ষণ কৰিছে। শেহতীয়াকৈ এই পত্র সমাজিক মাধ্যম যোগে ফাদিল হৈ পৰাত বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছে।

ADVERTISEMENT

পত্ৰ যুদ্ধত অবতীর্ণ হোৱা জনপ্রতিনিধি দুজন হৈছে যোৰহাটৰ সংসদ গৌৰৱ গগৈ আৰু যোৰহাটৰ বিধায়ক হিতেন্দ্র নাথ গোস্বামী যোৰহাটত  প্রত্যাহ্বানৰ মাজতো বিজেপিক পৰাজিত কৰি মুখ্যমন্ত্রী ড: হিমন্তবিশ্ব শৰ্মাৰ নিদ্ৰহৰণ কৰা কংগ্ৰেছৰ সাংসদ গগৈয়ে প্রথমৰ পৰাই প্রস্তাবিত উৰণীয়া সেতুৰ বিৰোধিতা কৰি আহিছিল। বিগত লোকসভা নির্বাচনতো ইয়াক নির্বাচনী ইচ্ছ্যুৰূপেও ব্যৱহাৰ কৰিছিল। সাংসদ গগৈয়ে যোৱা বছৰৰ ন ছেপ্টেম্বৰত প্ৰথম বাৰৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মালৈ পত্র লিখি বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈকে উৰণীয়া সেতু নিৰ্মাণৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰি চাবলৈ অনুৰোধ জনাইছিল।

যদিও বিৰোধী দলৰ সাংসদজনৰ পত্ৰৰ প্ৰতি কোনো গুৰুত্ব নিদি তেওঁ চিঠি লিখাৰ কিছু দিনৰ পাছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যোৱা বছৰৰ ২৮ অক্টোবৰত উৰণীয়া সেতুৰ কাম আৰম্ভ কৰি দিয়ে বিধায়ক গোস্বামীয়ে। আনকি কেৱল বিৰোধী দলৰ হোৱাৰ বাবেই মুখ্যমন্ত্ৰীয়েও চিঠিৰ প্ৰত্যুত্তৰ দিয়াৰ সৌজন্যতাকনো নেদেখুৱালে বুলি অভিযোগ উঠিছে। এই কথাত ক্ষুণ্ণ হৈ পুনৰ সাংসদ গগৈয়ে পূৰ্বৰ স্থিতি স্পষ্ট কৰি দি সিদ্ধান্তৰ পুনৰ বিবেচনাৰ বাবে যোৱা ২১ নৱেম্বৰত আন এখন পত্র লিখে মুখ্যমন্ত্রীলৈ।

পত্রত গগৈয়ে লিখিছিল যে নতুনকৈ নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেতুৰ পৰা ক্ষতিগ্রস্ত হ’ব লগীয়া ব্যৱসায়ীসকলৰ স’তে আলোচনা কৰি ইয়াৰ ডিজাইনৰ পুনৰ মূল্যায়ন কৰিব লাগে। ইয়াৰ দ্বাৰা যাতে ব্যৱসায়ীসকলৰ কোনো ক্ষতি অথবা স্থানান্তৰ নহয়, তাৰ প্রতি দৃষ্টিৰাখিবলৈ মুখ্যমন্ত্রীক আহ্বান জনোৱা হৈছিল। তেওঁ আনকি পত্রত এই কথাও উল্লেখ কৰিছিল যে এ টি ৰোডৰ নির্দিষ্ট অংশত য’ত উৰণীয়া সেতুৰ প্রস্তাৱ দিয়া হৈছে, সেই অংশটোৱেই হৈছে নগৰখনৰ প্ৰধান ব্যৱসায়িক কেন্দ্রস্থল। অর্থনৈতিক কেন্দ্রৰূপে পৰিগণিত এই স্থানত আছে পৰম্পৰাগত পাইকাৰী আৰু খুচুৰা বজাৰ।

উৰণীয়া সেতু নির্মাণ কৰিলে এই দোকানীসকলৰ স্থানচ্যুতি অনিবার্য হ’ব, যাৰ ফলত তেওঁলোকে ব্যৱসায়িক চৌহদৰ লগতে তেওঁলোকৰ আয়ৰ প্ৰধান উৎস হেৰুৱাব বুলি যুক্তি প্রদর্শন কৰিছিল সাংসদ গগৈয়ে। এই পত্ৰখনৰ আধাৰ আছিল সেই অঞ্চলৰ ডেৰ শতাধিক ব্যৱসায়ীয়ে সাংসদজনলৈ দিয়া এখন পত্র। আশ্চর্যজনকভাবে এই পত্রয়ো কোনো গুরুত্ব নাপালে মুখ্যমন্ত্ৰীৰ ওচৰত।

ইয়াৰ বিপৰীতে, উৰণীয়া সেতুৰ সমর্থনত স্থানীয় বিধায়ক তথা বিজেপিৰ জ্যেষ্ঠ নেতা গোস্বামীয়েহে কলম হাতত তুলি ল’লে আৰু দীর্ঘলীয়া পত্র লিখিলে মুখ্যমন্ত্ৰীলৈ। তাৰ পাছতে সৰৱ হৈ পৰে সাংসদ গগৈ আৰু তেওঁ পত্র যুদ্ধ এৰি সামাজিক মাধ্যমত প্রবেশ কৰে। এই কথাই বেছ আমোদ দিছে যোৰহাটৰ সচেতন ৰাইজক। ইপিনে, বৰুৱা চাৰিআলি আৰু ভোগদৈ দলঙৰ মাজৰ এ টি ৰোডত থকা প্রস্তাবিত উচ্চ উৰণীয়া সেতুৰ সন্দৰ্ভত যোৰহাটৰ সাংসদ গগৈয়ে পত্র যোগে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দি বিধায়ক গোস্বামীয়ে মুখ্যমন্ত্রীলৈ লিখিছিল যে প্রস্তাবিত উৰণীয়া সেতুখনৰ মুঠ ১৪০০ মিটাৰ অংশৰ প্ৰায় ৩০০ মিটাৰহে ভূমি অধিগ্রহণৰ বাবে প্রভাৱিত হৈছে। মুঠ ব্যৱসায়ৰ প্রায় ১২-১৫ শতাংশহে প্রভাবিত হৈছে (অর্থাৎ প্রায় ৮০-১০০ খন দোকান)।

উল্লেখ্য যে ৫০ শতাংশতকৈ অধিক ক্ষতিগ্রস্ত ব্যৱসায় ৰজা মৈদাম পথ, জংচন আৰু ভোগদৈ দলঙৰ মাজৰ চুটি অংশত (২০০ মিটাৰ) কেন্দ্রীভূত হৈ আছে। তদুপৰি, ভূমি অধিগ্রহণৰ ক্ষতিপূৰণৰ ব্যৱস্থা আছে বুলি উল্লেখ কৰি বিধায়ক গোস্বামীয়ে এই সন্দর্ভত তেওঁৰ ওচৰত কোনেও আপত্তি উত্থাপন কৰা নাই বুলিও পত্ৰখন উল্লেখ কৰিছে। তেওঁ আৰু লিখিছে যে বর্তমানলৈকে এ টি ৰোডৰ সংশ্লিষ্ট অংশত প্রায় মুঠ ২৫০-৩০০ স্ট্রীট ভেণ্ডৰ আছে। সেই ভেণ্ডৰ সকলক পুনৰ সংস্থাপন কৰিবলৈ ভেণ্ডৰ জ’ন নিৰ্মাণ কৰি থকা হৈছে, তাত তেওঁলোকক সংস্থাপন কৰিব পৰা যাব বুলিও তেওঁ উল্লেখ কৰিছে। উৰণীয়া সেতু নিৰ্মাণৰ ফলত যান-জট হ্রাস কৰাৰ উপৰি পাৰ্কিঙৰ সমস্যা লাঘৱ কৰিব বুলিও যুক্তি দিছে বিধায়ক গোস্বামীয়ে।

তেওঁ এই সন্দর্ভত তেওঁ লিখিছে যে উৰণীয়া সেতুৰ নির্মাণে সময়, ইন্ধন আৰু দুর্ঘটনা হ্রাস কৰিব। আনহাতে, সম্প্রদায় আৰু ধর্মীয় প্রতিষ্ঠানৰ ক্ষতি সন্দর্ভত তেওঁ পত্রত লিখিছে, ‘গাঁথনিগত ক্ষতি যাতে হ্রাস হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি এই প্রকল্পৰ ডিজাইন কৰা হৈছে। কোনো প্রতিষ্ঠান সম্পূর্ণৰূপে ভাঙি পেলোৱাৰ প্রয়োজন নহ’ব। ইয়াৰ বিপৰীতে কেৱল সৰু সৰু সীমা পৰিৱৰ্তনৰ প্ৰয়োজন হ’ব। চাৰিটা ধর্মীয় গঠন (এটা মন্দিৰ, এটা নামঘৰ আৰু দুটা মছজিদ)ত সীমা স্পর্শ কৰিছে, যাক লৈ কোনো পক্ষৰ আপত্তি অহা নাই আৰু সংশ্লিষ্ট পক্ষৰ স’তে আলোচনা কৰি কামত আগবঢ়া হৈছে।’

আনহাতে, সাংসদ গগৈয়ে কোৱাৰ দৰে উৰণীয়া সেতুক লৈ যোৰহাটত কোনো বিৰূপ প্রতিক্রিয়া হোৱা নাই, বৰঞ্চ সকলোৱে উৰণীয়া সেতুৰ প্রয়োজনীয়তা আছে বুলিহে মত প্রকাশ কৰাৰ কথাও গোস্বামীয়ে পত্রযোগে মুখ্যমন্ত্রীক অৱগত কৰে। ইপিনে, এই কথা পত্রযোগে মুখ্যমন্ত্রীক অৱগত কৰাৰ পাছতে সাংসদ গগৈয়ে যোৱা ছয় ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীলৈ পুনৰ পত্র লিখি বিধায়ক গোস্বামীয়ে দিয়া যুক্তি নস্যাৎ কৰি কয় যে ইমান বৃহৎ পৰিসৰৰ আন্তঃগাঁথনিগত নিৰ্মাণৰ পৰা হ’ব ক্ষতি বা প্রভাৱ মূল্যায়ন কৰিবলৈ তেওঁ কাৰিকৰী বিশেষজ্ঞ হ’ব লাগিব। তেওঁতো কোনো বিশেষজ্ঞ নহয়, আনকি তেওঁ এই বিষয়ত কোনো বিশেষজ্ঞৰ পৰাও পৰামৰ্শ লোৱাৰ প্রয়োজনীয়তা বোধ কৰা নাই বুলি গগৈয়ে বিধায়ক গোস্বামীক কটাক্ষ কৰে।

সেয়ে ক্ষতিগ্রস্তসকলৰ আহ্বানৰ প্ৰতি গুৰুত্ব আৰোপ কৰি প্ৰস্তাৱিত উৰণীয়া সেতুখনৰ পৰা হ’ব ক্ষতি সন্দৰ্ভত বিস্তৃত পর্যালোচনাৰ প্রয়োজনীয়তা আছে বুলি গগৈয়ে পুনৰ দোহাৰে। তদুপৰি, উৰণীয়া সেতুৰ পৰা হ’ব পৰা ক্ষতিৰ বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ স্থানীয় জনপ্রতিনিধিজনক ক্ষতিগ্রস্ত ব্যবসায়ী, ধর্মীয় প্রতিষ্ঠানৰ লগতে লোক নির্মাণ বিভাগৰ বিষয়াসকলক একত্ৰিত কৰি এখন ৰাজহুৱা সভা আহ্বান কৰিবলৈও পৰামৰ্শ আগবঢ়ায়। লগতে বিভাগীয় মন্ত্ৰীৰূপে যোৰহাটৰ জনস্বাৰ্থৰ যাতে ক্ষতি নহয়, তাৰ প্ৰতি গুৰুত্ব দিবলৈ পুনৰবাৰ তেঁও মুখ্যমন্ত্রীলৈ আহ্বান জনায়।

তেওঁ কয়, ‘গুৱাহাটীৰ দীঘলী পুখুৰীৰ ৰাইজে আপত্তি কৰাৰ পাছত বিতর্কিত উৰণীয়া সেতুৰ নক্সা সলনি কৰা হল; কিন্তু যোৰহাটৰ ৰাইজক অৱজ্ঞা কৰি চৰকাৰে নিজৰ স্থিতিত অটল আছে। সেয়া দুর্ভাগ্যজনক। মই বিশ্বাস কৰো যে আপুনি এই বিষয়টোক অগ্রাধিকাৰ দিব।’ এই পত্র লাভ কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ প্রতিক্রিয়া কি জানিব পৰা নাই; কিন্তু বাৰম্বাৰ পত্র লিখিও সদুত্তৰ নোপোৱা সাংসদ গগৈয়ে এইবাৰ সামাজিক মাধ্যমযোগে লিখিলে, ‘যোৰহাটৰ এ টি ৰোডত নির্মীয়মান উৰণীয়া সেতুৰ সমর্থনত যোৰহাটৰ বিধায়ক হিতেন্দ্রনাথ গোস্বামীয়ো মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মালৈ সমর্থন পত্ৰ প্ৰেৰণ কৰা বুলি অৱগত হৈ যোৰহটীয়া ৰাইজৰ লগতে ময়ো উদ্বেগ প্রকাশ কৰিছো।

ইতিমধ্যে যোৰহাটবাসীয়ে এই নিৰ্মাণ কাৰ্যৰ বিৰোধিতাৰে চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।’ ইতিমধ্যে গগৈৰ এই ফেচবুক প’ষ্টৰ সপক্ষত আৰু বিপক্ষত দুভাগ হৈছে যোৰহাটৰ ৰাইজ। যদিও এয়া পত্র যুদ্ধহে। বাস্তৱিকতে এই ক্রিয়া-প্রতিক্রিয়াই কোনো প্রভাৱ  পেলোৱা নাই উৰণীয়া সেতুৰ নিৰ্মাণৰ কামত। কাম পূর্ণ উদ্যমেৰে চলি আছে। পশ্চিম দিশৰ পৰা কাম আৰম্ভ কৰা মুঠ কামৰ প্ৰায় ১৫ শতাংশ কাম সম্পূর্ণ হৈ উঠিছে।

বিভাগৰ এক সূত্রই সদৰী কৰি কয় যে উৰণীয়া সেতুৰ মুঠ ৩৭টা খুঁটাৰ ২০টা পোতা হৈ গৈছে। ফাউণ্ডেছন ৱৰ্কৰ প্রায় ৬০ শতাংশ কাম আগবাঢ়িছে। খুব খৰটকীয়াকৈ আগবঢ়া কামৰ সমান্তৰালকৈ পথ বহলোৱাৰ কাম চলি আছে। এনে অৱস্থাত দুই ৰাজনীতিকৰ পত্ৰযুদ্ধই সর্ব সাধাৰণ ৰাইজৰ মাজত ক্রিয়া-প্রতিক্রিয়াৰ সৃষ্টি কৰিলেও সাংসদ গগৈয়ে বিচৰাৰ দৰে এই সিদ্ধান্তৰ পুনৰ বিবেচনাৰ সময় ইতিমধ্যে উকলি গৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Jorhat FlyoverLatter FightMla Hitendranath GoswamiMp Gaurav GogoiSocial Media
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d