Chargesheet filed by CM Vigilance Cell:
ৰাজ্যত ২০১৫ৰ পৰা ২০১৭লৈ স্বাস্থ্য সেৱাত সংঘটিত হৈছিল ভুৱা ‘নিযুক্তি কেলেংকাৰি। এই সময়ছোৱাত বিভাগটোৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত অভাৱনীয় জালিয়াতিৰে নিযুক্ত হৈছিল বহুসংখ্যক লোক।
এই জালিয়াতিত লিপ্ত বুলি ৬৪ জনক অভিযুক্ত কৰি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে অসমৰ বিশেষ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল কৰে। অভিযোগনামা মতে, ফার্মাচিষ্ট আৰু এছডব্লিউ পদত এই ভুৱা নিযুক্তি হৈছিল।
অভিযোগনামাত সিদ্ধার্থ শংকৰ গগৈ, খগেন বৰুৱা নামৰ দুজনক ভুৱা নিযুক্তিৰ মাষ্টৰ মাইণ্ড বুলি অভিযুক্ত কৰা হৈছে। উল্লেখ্য যে এনেদৰে নিযুক্তি লাভ কৰা সকলে কি প্ৰক্ৰিয়াৰে চাকৰি লাভ কৰিছিল তাৰ কোনো তথ্য স্বাস্থ্য বিভাগৰ হাতত নাই। অথচ তাৰে বহুতে কে’বা বছৰলৈ দৰমহাও লাভ কৰিছিল।






























