Illegal recruitment in tourism dept:
বিগত ২০১০ত ৰাজ্যৰ পৰ্যটন বিভাগত সংঘটিত নিযুক্তি কেলেংকাৰিক লৈ আজি দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ জেৰাৰ সন্মুখীন হয় বিভাগৰ প্ৰাক্তন সঞ্চালক মনালিছা গোস্বামী। এইবাৰৰ জেৰাৰ পূৰ্বে তদন্তকাৰী দলে বক্ৰপথৰে নিযুক্তি লাভ কৰা বুলি অভিযোগ উত্থাপিত আঠজন তথ্য বিষয়াৰ লিখিত পৰীক্ষাৰ বহীও গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঁচগৰাকী অধ্যাপকৰ দ্বাৰা পৰীক্ষা কৰায়। এই বহী পৰীক্ষাতো অনিয়ম সংঘটিত কৰা বুলি প্রমাণিত হয়।
কাৰণ উত্তৰ বহীবোৰ মান সম্পন্ন নাছিল। ইয়াৰ জৰিয়তেও তদন্তকাৰী দল নিশ্চিত হয় যে মৌখিক পৰীক্ষাৰ দৰে লিখিত পৰীক্ষাতো প্রাক্তন সঞ্চালক গোস্বামীয়ে সংশ্লিষ্ট প্রার্থীকেইজনৰ নম্বৰ বৃদ্ধি কৰিছিল। আজি জেৰাৰ সময়ত তদন্তকাৰী দলে গোস্বামীৰ আগত জালিয়াতিৰ তথ্যবোৰ লৈ উপর্যুপৰি প্ৰশ্ন কৰে। আজিও গোস্বামীৰ মুখৰ মাত বিশেষ নাছিল। কেৱল এটা কথাই দাবী কৰে যে যদি ক’ৰবাত কিবা খেলিমেলি হৈছিল, সেই কথা তেওঁ নাজানে। অথচ নথিপত্ৰত তেৱেঁই এই সকলো অনিয়মৰ মূল বুলি স্পষ্ট হৈ আছে। তদন্তকাৰী দলে লাভ কৰা তথ্য অনুসৰি মৌখিক পৰীক্ষাত সংশ্লিষ্ট প্রার্থীকেইজনে যি নম্বৰ লাভ কৰিছিল তাক কাটি বর্ধিত নম্বৰৰে নতুনকৈ লিখি দিয়া হৈছিল। ক’ৰবাত আকৌ প্রাপ্ত নম্বৰৰ ওপৰতে বর্ধিত নম্বৰটো লিখি দিয়া হৈছে।
সেয়া স্পষ্ট নোহোৱাত বৃদ্ধি কৰা নম্বৰটো তলত নতুনকৈ লিখা হৈছে। এনে জালিয়াতিৰ এটা উদাহৰণ হ’ল মেহজুবিন বেগম নামৰ প্রার্থীগৰাকীৰ নম্বৰ তালিকাখন। টেবুলেচনৰ সময়ত প্ৰাৰ্থীগৰাকীৰ নম্বৰ ১২ৰ পৰা ২০ নম্বৰলৈ, চাৰিৰ পৰা ১০লৈ, তিনিৰ পৰা ১০লৈ, দুইৰ পৰা ১০লৈ আৰু ২৭ৰ পৰা ৫০ নম্বৰলৈ বৃদ্ধি কৰা হৈছে। আন এজন প্রার্থী প্রাঞ্জল বৰাৰ নম্বৰো ১০ৰ পৰা ১৮ লৈ, আঠৰ পৰা নলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ লগতে কে’বাটাও নম্বৰ লাভ কৰা নম্বৰৰ ওপৰত নতুনকৈ লিখি দিয়া হৈছে।
হিৰেন কুমাৰ শইকীয়াৰো প্ৰাপ্য নম্বৰৰ ওপৰত নতুনকৈ লিখি বৃদ্ধি কৰা হৈছে। মাধৱ দাস নামৰ প্ৰাৰ্থীজনৰো নম্বৰ আচল নম্বৰৰ ওপৰত নতুনকৈ লিখি বঢ়াই দিয়া হয়। এয়া কেইজনমান অভিযুক্তৰহে উদাহৰণ মাথোঁ। গ্ৰেপ্তাৰৰ ভয়ত আগতীয়াকৈ জামিনো লৈছে প্রাক্তন সঞ্চালক গোস্বামীয়ে।






























