India-UK Trade Deal:
বুধবাৰে চাৰিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে লণ্ডনত উপস্থিত হয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু বৃহস্পতিবাৰে মোদীয়ে লণ্ডনত স্বাক্ষৰ কৰে ভাৰত-ব্রিটেইন মুক্ত বাণিজ্য চুক্তিত।
উল্লেখ্য যে,মঙলবাৰে নিশা কেন্দ্রীয় মন্ত্রীসভাই এই বাণিজ্য চুক্তি অনুমোদন কৰিছিল। এই চুক্তিৰ মূল লক্ষ্য হৈছে ২০৩০ বৰ্ষৰ ভিতৰত ভাৰত আৰু ব্রিটেইনৰ বাণিজ্য দ্বিগুণ বৃদ্ধি অর্থাৎ প্রায় ১২০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰা। ২৩-২৬ জুলাই পর্যন্ত প্রধানমন্ত্রীৰ এই বিদেশ ভ্রমণত উপস্থিত থাকে দেশৰ বাণিজ্য মন্ত্রী পীযূস গোৱেল।
ব্রিটেইনৰ প্ৰধানমন্ত্ৰী কীয়েৰ ষ্টৰ্মাৰৰ নিমন্ত্ৰণত দেশখনলৈ ৰাওনা হয় ভাৰতৰ প্রধানমন্ত্রী। ব্রিটিছ প্রধানমন্ত্রীৰ লগতে মোদীয়ে সম্রাট তৃতীয় চার্লছকো সাক্ষাৎ কৰিব। তদুপৰি ভাৰত আৰু ব্রিটেইনৰ বিশিষ্ট উদ্যোগপতিৰ স’তেও মত বিনিময় কৰিব মোদীয়ে।
মনকৰিবলগীয়া যে বহু প্রতীক্ষিত ভাৰত-ব্রিটেইন মুক্ত বাণিজ্য চুক্তিৰ জৰিয়তে ভাৰতৰ পৰা চামৰ, জোতা, পোছাকৰ দৰে পণ্য ৰপ্তানিত কৰ প্রত্যাহাৰ কৰা হ’ব। আনহাতে, ব্রিটেইনৰ পৰা আমদানি কৰা হুইস্কি আৰু গাড়ীৰ আমদানি শুল্ক হ্রাস কৰিব ভাৰতে। দুই প্ৰধানমন্ত্ৰীৰ উপস্থিতত দুই দেশৰ বাণিজ্য মন্ত্রীয়ে এই চুক্তিত স্বাক্ষৰ কৰে ।






























