Lady thief :
উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ প্ৰায়বোৰ লোকৰ বাবে অপৰিহাৰ্য হৈ পৰিছে AC ৷ কিন্ত আপুনি ব্যৱহাৰ কৰি থকা AC টোৰ বাহিৰৰ ফালে থকা যন্ত্ৰাংশৰে সংলগ্ন ক’পাৰ এতিয়া নহয় সুৰক্ষিত ৷ কিয়নো এই ক’পাৰ চুৰিত নামিছে চোৰ ৷
খোদ গুৱাহাটী মহানগৰীতে দিনদুপৰতে চোৰৰ হাতোৰা পৰিছে AC ৰ যন্ত্ৰাংশত ৷ আচৰিতজনকভাৱে এইবাৰ ক’পাৰ চুৰিত নামিল যুৱতী ৷ আনকি চুৰিৰ দৃশ্য বন্দী হৈছে কেমেৰাত ৷ দেৱাল,বিল্ডিং বগাই লিপ্ত হৈছে চুৰিকাৰ্য্যত ৷ অতি সহজে খুলি নিয়া AC ক’পাৰ বিক্ৰী কৰিছে মহানগৰীৰ একাংশ ডেম্পত ৷
দিন দুপৰতে ৰুক্মিনীগাওঁৰ পিবক’ৰ কাৰ্যালয়ত দীৰ্ঘদিনে সংঘটিত হৈ আহিছে AC ক’পাৰ চুৰি ৷ অৱশেষত চুৰি কাৰ্যৰে জৰিত এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দিছপুৰ আৰক্ষী ৷
উল্লেখ্য যে,মহানগৰীৰ প্ৰায়বোৰ অঞ্চলতে ইটোৰ পিছত সিটোকৈ সংঘটিত হৈছে AC ক’পাৰ চুৰি কাণ্ড ৷ ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে ক’পাৰ চুৰি জড়িত যুৱতী-মহিলা গেংটোৰ বিৰুদ্ধে অভিযান চলাবলৈ তৎপৰ হৈ পৰিছে । মহানগৰীৰ সচেতন মহলৰ দাবী অচিৰেই কৰায়ত্ত কৰক AC ক’পাৰ চুৰিৰ গেংটোক ৷






























