Hagrama Mohilary:✒️বিটিআৰত বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠাৰ সময়তে বৃহস্পতিবাৰে বাগ্সা জিলাৰ বৰমাত অনুষ্ঠিত হয় বিপিএফৰ কৰ্ণধাৰ সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক। বৰমাৰ প্ৰাক্তন বিধায়ক তথা বিপিএফৰ সাধাৰণ সম্পাদক মনেশ্বৰ ব্ৰহ্মৰ বাসগৃহত অনুষ্ঠিত এই বৈঠকত বিপিএফৰ সভাপতি তথা বিটিচিৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰীকে ধৰি দলৰ শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰে।
সভাৰ অন্তত মহিলাৰীয়ে সাংবাদিকৰ বিটিআৰৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিৱেশ আৰু ইউপিপিএলৰ স’তে সম্ভাব্য মিত্ৰতাৰ চৰ্চা সন্দৰ্ভত কয়, ‘প্রমোদ বড়ো আৰু মই একেলগে বহাত কোনো আপত্তি নাই। এই একতা যদি বড়ো সমাজৰ হিতত হয়, তেন্তে মই সদায় আগবাঢ়িম যাম।’
লগতে তেওঁ কয়, ‘বিপিএফ আৰু ইউপিপিএল যদি একত্রিত হয়, তেন্তে বিটিচিত কোনো অন্য ৰাজনৈতিক দল- বিজেপি, কংগ্ৰেছ, ৰাইজৰ দল আদিয়ে পাত্তা নাপাব।’
বড়ো সমাজক লৈও মহিলাৰীয়ে সমালোচনাত মুখৰ হয়। এই ক্ষেত্রত সংহতিৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰি মহিলাৰীয়ে কয়, ‘যেতিয়া প্রমোদ বড়ো বিপদত পৰে, তেতিয়া বড়ো জাতিয়ে একতাৰ দিশে আগবাঢ়ি আহে। কিন্তু মই বিপদত পৰোতে বড়ো সমাজৰ একাংশই তেনে একতা নেদেখুৱায়, সেয়া চিন্তনীয় বিষয়।’
ইউপিপিএলৰ স’তে সম্ভাব্য মিত্ৰতাৰ বিষয়ে তেওঁ পুনৰ স্পষ্ট কৰে, ‘এই একতা কেৱল ৰাজনীতি নহয়, ই বৃহৎ দৃষ্টিকোণৰ এক সমাজমুখী পদক্ষেপ। যদি একত্রিত হয়, তেন্তে বিটিআৰ বুলিলে প্রমোদ বড়ো চীফ হ’ব আৰু বিটিচি বুলিলে মই। এই পৰিসৰৰ মাজতে আমি কাম কৰিব লাগিব।’
হাগ্ৰামাৰ এই মন্তব্য তাৎপর্যপূর্ণ বিবেচিত হৈছে। সূত্ৰত প্রকাশ যে বিপিএফ আৰু ইউপিপিএল একত্রিত হ’লে বিটিচিত অন্যান্য ৰাজনৈতিক দলৰ স্থান সংকুচিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি এবছুকে ধৰি বড়ো বৌদ্ধিক সমাজে ধাৰণা কৰে।
তদুপৰি এই সভাখনে বিপিএফৰ ভৱিষ্যৎ কৌশল, বড়ো সমাজৰ ভিতৰত সংহতি গঢ়ি তোলাৰ প্ৰয়াস আৰু বিটিআৰক কেন্দ্ৰ কৰি সম্ভাব্য নতুন মঞ্চ গঠনৰ বিষয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাট মুকলি কৰা বুলিও সূত্ৰটোৱে কয়।
বিপিএফৰ শীৰ্ষ সূত্ৰত প্রকাশ যে দলে নতুন ৰাজনৈতিক সমীকৰণৰ বাবে আগ্রহী।ইপিনে, ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সন্দৰ্ভত মহিলাৰীয়ে কয়, ‘অখিল গগৈৰ গুৰুত্ব উজনি অসমতে সীমাবদ্ধ। বিটিচি অঞ্চলত তেওঁৰ কোনো বাস্তৱিক প্ৰভাৱ নাই।’






























