cockroach:ৰাছিয়া আৰু ইউক্রেইনৰ মাজত অব্যাহত থকা যুদ্ধৰ মাজতে ৰণ প্ৰযুক্তিয়ে এক নতুন যুগত প্ৰৱেশ কৰিলে। ৰাছিয়া-ইউক্রেইনৰ যুদ্ধত বিশ্ববাসীয়ে ইতিমধ্যে ড্র’ন আৰু কৃত্রিম বুদ্ধিমত্তা (এআই)ৰ ব্যৱহাৰ প্ৰত্যক্ষ কৰিলে।
যুদ্ধত কমাণ্ডো হিচাপে নিয়োজনৰ বাবে ইতিমধ্যে বহু দেশে এআই সমৃদ্ধ ৰবট কুকুৰ আদি তৈয়াৰ কৰি চমক সৃষ্টি কৰিছে।
শেহতীয়া বাতৰি অনুসৰি, জার্মানীয়ে এইবাৰ ‘কমাণ্ডো পঁইতাচোৰা’ তৈয়াৰ কৰিছে। কমাণ্ডো পঁইতাচোৰাক চোৰাংচোৱাৰ কামত ব্যৱহাৰ কৰা হ’ব।
মিউনিখস্থিত স্বোৱাম বায়’টিক্সে হেলচিং নামৰ ইউৰোপৰ এক অগ্ৰণী প্ৰতিৰক্ষা এআই সংস্থাৰ সহযোগত চাইবাৰ্গ পঁইতাচোৰা তৈয়াৰ কৰিছে। এনে পঁইতাচোৰাৰ শৰীৰত অতি ক্ষুদ্ৰ চোৰাংচোৱা সঁজুলি স্থাপন কৰা হৈছে।
এইচ ডি কেমেৰা, মাল্টিছেন্সৰ, ৰেডিঅ’ ট্রান্সমিটাৰ আৰু জিপিএছ ব্যৱহাৰৰে তৈয়াৰ কৰা এই কমাণ্ডোৰূপী পঁইতাচোৰাক ৰিমটৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰি।
শত্ৰুৰ দেশলৈ এনে পঁইতাচোৰা গোপনে প্ৰেৰণ কৰি বিভিন্ন তথ্য আহৰণ কৰাৰ লগতে চোৰাংচোৱাৰ দৰে নিৰীক্ষণ কৰাটো সহজ হ’ব।
এই লক্ষ্যৰে জাৰ্মানীয়ে ৰণক্ষেত্ৰত নিয়োগৰ বাবে বিশেষ পঁইতাচোৰা তৈয়াৰ কৰিছে। কৃত্ৰিম বুদ্ধিমত্তাধাৰী এনে পঁইতাচোৰাই আগন্তুক দিনত যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণৰ সম্ভাৱনা আছে।
