China:✒️তিব্বতৰ ব্ৰহ্মপুত্ৰৰ উৎসস্থলীত চীনে নির্মাণ কৰি থকা পৃথিৱীৰে বৃহত্তম নদীবান্ধটোৱে ভাৰত-বাংলাদেশৰ বিস্তৰ ক্ষতিসাধন কৰিব বুলি দুয়োখন দেশে প্ৰকাশ কৰা উদ্বিগ্নতাক আওকাণ কৰিলে বেইজিঙে। উল্লেখ্য যে অলপতে চীনৰ প্রধানমন্ত্রী লি কিয়াঙে এই নদীবান্ধৰ নিৰ্মাণ কাৰ্য উদ্বোধন কৰে। ইয়াৰ লগে লগে ভাৰত আৰু বাংলাদেশত উদ্বিগ্নতা বৃদ্ধি পাইছে।
জলবিদ্যুৎ উৎপাদনৰ অজুহাতত দেশখনে নিৰ্মাণ কৰিবলৈ লোৱা এই নদীবান্ধৰ জৰিয়তে চীনে ব্ৰহ্মপুত্ৰৰ জলৰাশিতো নিয়ন্ত্রণ সাব্যস্ত কৰিবলৈ ষড়যন্ত্র ৰচিছে বুলি চর্চা চলিছে। ফলত বছৰটোৰ যিকোনো সময়তে উত্তৰ-পূব ভাৰত বিশেষকৈ অৰুণাচল প্ৰদেশ আৰু অসম তথা চুবুৰীয়া বাংলাদেশত প্রবল বান সৃষ্টিৰ আশংকা ঘনীভূত হৈছে।
জলবিদ্যুৎ প্রকল্পত অতিৰিক্ত পানী জমা হ’লে সেই পানী এৰি দিয়া হয়। এই অতিৰিক্ত পানীয়ে উত্তৰ-পূব ভাৰত আৰু বাংলাদেশত ভৱিষ্যতে প্ৰবল বানৰ সৃষ্টি কৰাৰ আশংকা আছে। একেদৰে এই নদীবান্ধে নামনি অঞ্চল তথা উত্তৰ-পূব ভাৰত আৰু বাংলাদেশত ভয়ংকৰ খৰাঙৰো সৃষ্টি কৰিব পাৰে। গতিকে নির্মীয়মাণ নদীবান্ধটোক লৈ ভাৰত-বাংলাদেশত সংশয়ৰ সৃষ্টি হৈছে। ইতিমধ্যে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুরে বান্ধটোক লৈ উদ্বেগ প্রকাশ কৰি ইয়াক শক্তিশালী জলবোমা আখ্যা দিছে।
এই বান্ধে ৰাজ্যখন তথা উত্তৰ-পূবৰ অস্তিত্বৰ প্রতিও ভাবুকি আনিব বুলি মুখ্যমন্ত্রী খান্দুৱে অভিযোগ উত্থাপন কৰিছে। এনে উদ্বিগ্নতা বাংলাদেশেও প্রকাশ কৰিছে। তৎসত্ত্বেও চীন বান্ধটোক লৈ নিজ স্থিতিত অটল আছে। আনকি দেশখনে দাবী কৰিছে যে এই নদীবান্ধে নামনি অঞ্চলত অৱস্থিত উত্তৰ-পূব ভাৰত বা বাংলাদেশৰ কোনো ক্ষয়-ক্ষতি নকৰে।
এক উচ্চ চেতনাৰ দায়িত্বশীলতাৰে বান্ধটো নিৰ্মাণ কৰা হৈছে বুলি দাবী কৰি আজি বেইজিঙে এক বিবৃতি প্রকাশ কৰে। এই বিবৃতিত ভাৰত-বাংলাদেশৰ উদ্বেগক খণ্ডন কৰি কোৱা হয়, ‘য়াৰলুং চাংপ’ নৈ (ব্ৰহ্মপুত্ৰ) ৰ নিম্নাংশত জলবিদ্যুৎ প্রকল্পটো সম্পূৰ্ণৰূপে চীনৰ সাৰ্বভৌমত্বৰ গণ্ডীত নিৰ্মাণ কৰা হৈছে।
এই প্ৰকল্পৰ লক্ষ্য হৈছে সেউজ শক্তিৰ উন্নয়ন সাধন, স্থানীয় জনতাৰ জীৱন ধাৰণৰ মান উন্নতকৰণ আৰু জলবায়ু পৰিৱৰ্তন মোকাবিলা কৰা।’ প্রকল্পটো নিৰ্মাণৰ ক্ষেত্ৰত ‘সর্বোচ্চ ৰাষ্ট্ৰীয় ঔদ্যোগিক মান’ ৰক্ষা কৰা হৈছে বুলিও বেইজিঙে দাবী কৰে। বিবৃতিটোত লগতে কোৱা হয়, ‘আমাৰ সর্বোচ্চ ৰাষ্ট্ৰীয় ঔদ্যোগিক মান কঠোৰভাৱে অনুসৰণ কৰি এই প্ৰকল্পৰ পৰিকল্পনা, নক্সা প্রস্তুত আৰু নিৰ্মাণ কৰা হৈছে।
এই প্ৰকল্পৰ ক্ষেত্ৰত সামগ্রিক পৰিৱেশতন্ত্রগত সংৰক্ষণত প্ৰচুৰ গুৰুত্ব আৰোপ কৰা হৈছে। পৰিৱেশগতভাৱে সংবেদনশীল অঞ্চলসমূহৰ পৰা আঁতৰি থকা হৈছে আৰু সম্ভৱপৰ সৰ্ববৃহৎ পৰিসৰত মূল পৰিৱেশতন্ত্ৰক সংৰক্ষণৰ অংগীকাৰ কৰা হৈছে।’ দেশখনে লগতে দাবী কৰিছে প্রকল্পটোৰ নামনি অঞ্চলৰ দেশসমূহত অৰ্থাৎ ভাৰত-বাংলাদেশৰ ওপৰত এই প্রকল্পই ক্ষতিসাধন নকৰে। তাৰ পৰিৱৰ্তে দেশ দুখনক বানৰ সমস্যা লাঘৱত সহায় কৰিব বুলিহে বেইজিঙে দাবী কৰে।
এই প্রকল্প সম্পর্কীয় তথ্য যুগুতাই নামনি অঞ্চলৰ দেশসমূহৰ স’তে বেইজিঙে যোগাযোগো কৰিছে বুলি বিবৃতিটোত উল্লেখ আছে। ভৱিষ্যতেও এই দেশসমূহৰ স’তে চীনৰ সহযোগিতা বৃদ্ধিৰ প্ৰচেষ্টা অব্যাহত থাকিব বুলি উল্লেখ কৰি লগতে কোৱা হয় যে এই প্রকল্পই ব্রহ্মপুত্র নদ অৱবাহিকাৰ কাষৰ অঞ্চলসমূহক উপকৃতহে কৰিব। উল্লেখ্য যে বিগত কিছু বছৰ ধৰি চীন-ভাৰত সীমান্তত উত্তেজনা বিৰাজ কৰি আছে। এনে অৱস্থাতে চুবুৰীয়া দেশখনে ভাৰত সীমান্তত পৃথিৱীৰ ভিতৰতে বৃহত্তম নদীবান্ধটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে।
দুই মুখ্যমন্ত্ৰীৰ বিপৰীত ভাষ্য
চীনে ১৪ লক্ষ কোটিৰো অধিক টকা ব্যয়সাপেক্ষে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা ব্ৰহ্মপুত্ৰৰ উৎসস্থলীৰ এই দৈত্যকায় বান্ধক লৈ দুই বিজেপিশাসিত ৰাজ্য অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয়ে বিপৰীত ভাষ্য আগবঢ়াইছে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী খান্দুবে প্রকল্পটোক লৈ গভীৰ সংশয় প্রকাশ কৰাৰ বিপৰীতে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই প্রকল্পই তাৎক্ষণিক আশংকা সৃষ্টি কৰাৰ সম্ভাৱনা নুই কৰিছে।
অলপতে মুখ্যমন্ত্রী ড° শর্মাই কয়, ‘মই তাৎক্ষণিকভাৱে উদ্বিগ্ন হোৱা নাই, কাৰণ ব্রহ্মপুত্র এক শক্তিশালী নদ আৰু এই নদ পানীৰ মাথোঁ এটা উৎসৰ ওপৰত নিৰ্ভৰশীল নহয়।’ প্রতিবেশী ৰাজ্য দুখনৰ মুখ্যমন্ত্রীদ্বয়ে একেটা বিষয়ক লৈয়ে এনে পৰস্পৰ বিপৰীত ভাষ্য প্ৰকাশ কৰাটোৱে বহুতৰ মনত বিভ্রান্তিও সৃষ্টি কৰিছে।






























