Digboi:
ADITYA – L1 কৰ্মশালাৰ বাবে নিৰ্বাচিত ডিগবৈৰ মেধাৱী ছাত্ৰী হিমানী গুৰুং | ডিগবৈৰ পাৰ্শ্ব্ৱ্তী অতিকৈ ভিতৰুৱা পাৱৈ বনগাঁৱৰ বাসিন্দা ৰুদ্ৰ বাহাদুৰ গুৰুংৰ জীয়ৰী হিমানী গুৰুং | ভাৰতীয় মহাকাশ অভিযান সংস্থা ইছৰো’ৰ দ্বাৰা আৰম্ভ কৰা ভাৰতৰ প্ৰথমটো সৌৰ অভিযান ADITYA- L1 ৰ পৰীক্ষা মূলক কৰ্মশালাত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱাৰ খবৰে সমগ্ৰ অঞ্চলবাসীৰ লগতে তিনিচুকীয়া জিলাবাসী গৌৰৱাম্বিত হৈ পৰিছে।
পাৱৈ বনগাঁৱত অৱস্থিত হিমানী এগৰাকী অত্যন্ত পিছপৰা অঞ্চলত বসবাস কৰা এটি সাধাৰণ কৃষক পৰিয়ালৰ মেধাবী ছাত্ৰী। সৰুতে বৈজ্ঞানিক হোৱাৰ স্বপ্ন পুহি ৰখা হিমানীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত পদাৰ্থ বিজ্ঞান বিভাগত তৃতীয় স্থান লাভেৰে কৃতকাৰ্যতা লাভ কৰি বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ ( এপ্লাইড ফিজিক্স আৰু এষ্ট্ৰ’ফিজিক্স) স্নাতকোত্তৰ শাখাত অধ্যয়নৰত।
কেৰেলাৰ তিৰুৱন্তপুৰম বিশ্ববিদ্যালয়ৰ ICARDত ইন্টাৰ ইউনিভাৰ্চিটি চেন্টাৰ ফ’ৰ এষ্ট্ৰনমী এণ্ড এষ্ট্ৰ ফিজিক্স (IUCAA) ৰ উদ্যোগত ২০ ৰ পৰা ২২আগষ্টলৈ আয়োজন কৰা কৰ্মশালাত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হিমানী গুৰুংয়ে ভাৰতৰ প্ৰথম সৌৰ পৰ্যবেক্ষণ পদ্ধতি, ADITYA- L1ৰ সংগৃহীত তথ্যৰ বিশ্লেষণ আৰু সৌৰ জগতৰ বাহ্যিক স্তৰ সমূহৰ অধ্যয়ন আৰু পৰিবেশ নিৰ্মাণৰ বিষয়ে শিক্ষালাভ কৰিব।
অসম তথা উত্তৰ পূৱৰ গৌৰৱ , প্ৰৱল সম্ভাৱনা পূৰ্ণ মেধাৱী ছাত্ৰী হিমানীৰ সাফল্যত পিতৃ – মাতৃ, পৰিয়াল বৰ্গৰ লগতে সমগ্ৰ অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে।






























