Assam Irrigation:
ৰাজ্যৰ আধাতকৈয়ো অধিক জিলাত সৃষ্টি হোৱা খৰাং পৰিস্থিতিয়ে গুৰুতৰ ৰৰূপ লোৱাৰ ফলত এইবাৰ ধানৰ উৎপাদনক লৈ গুৰুতৰ আশংকা বৃদ্ধি হৈছে। এই সময়ত শাওণৰ পথাৰ সেউজীয়া হৈ ভৰি পৰিব লাগিছিল। তাৰ পৰিৱৰ্তে একমাত্ৰ বৰষুণ নিৰ্ভৰ কৃষি ব্যৱস্থাৰ বাবে এতিয়াও ৰাজ্যৰ অধিকাংশ জিলাৰ পথাৰ উদং হৈ পৰি ৰৈছে।
ইয়াকে লৈ বগাহাতীত পৰিণত হোৱা ৰাজ্যৰ জলসিঞ্চন বিভাগটোৰ প্ৰতি কৃষক সমাজে তীব্র ক্ষোভ প্রকাশৰ সমান্তৰালকৈ আগন্তুক দিনৰ পৰিস্থিতিক লৈ গভীৰ আশংকাত ভুগিছে। যোৱা দুদিন খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা কোনো কোনো জিলাত বৰষুণ হৈছে যদিও সেয়া মুঠেই পর্যাপ্ত নহয়। শালি খেতিৰ বাবে যি পৰিমাণৰ পানীৰ পথাৰত প্ৰয়োজন, তাৰ বাবে আৰু অধিক দিন প্ৰচুৰ বৰষুণ হ’ব লাগিব। সেইবাবে দুই-এখন জিলাত যি বৰষুণ হৈছে, তাৰ ফলত পথাৰৰ শুষ্কতা ন্যূনতমো হ্রাস হোৱা নাই।
চৰকাৰী জলসিঞ্চন ব্যৱস্থাৰ পালমৰা কাণ্ডক লৈ এই সন্দর্ভতে কে’বাজনো কৃষকে তীব্র ক্ষোভ প্রকাশ কৰে। খৰাং সদৃশ পৰিস্থিতিৰ সম্মুখীন হোৱা তথা ধান উৎপাদনত ৰাজ্যৰ অগ্ৰণী জিলা বৰপেটাৰ লুইতপুৰীয়া কৃষি বিকাশ কেন্দ্ৰ নামৰ সমবায় সমিতিখনৰ সম্পাদক পংকজ পাঠকে কয় যে তেওঁলোকে প্রধানমন্ত্রী কৃষি সিঞ্চাই যোজনাৰ সৌৰচালিত তিনিটা ব্যবস্থা লাভ কৰিছিল; কিন্তু যোৱা পাঁচ বছৰে সেইকেইটা সম্পূর্ণ অকামিলা হৈ পৰি ৰৈছে।
সংস্থাপিত কৰাৰ দিনৰে পৰা তিনিওটা ব্যৱস্থাৰে পর্যাপ্ত পৰিমাণৰ পানী নোলাল। তাকে লৈ তেওঁলোকে জলসিঞ্চন বিভাগৰ লগত যোগাযোগ কৰিছিল; কিন্তু তেওঁলোকৰ অভিযোগক গুৰুত্বই দিয়া নহ’ল। এতিয়া তিনিওটা ব্যৱস্থা সম্পূর্ণ অকামিলা হৈ পৰি ৰৈছে। সমবায় সমিতি হিচাপে অতি সীমিত পৰিসৰৰ মাজেৰে নিজাকৈ তেওঁলোকে দুই-এখন পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিছে।
পাঠকে কয় যে যিহেতু কে’বা হেজাৰ বিঘা ভূমিত তেওঁলোকে খেতি কৰে, গতিকে সকলোতে পানী যোগান ধৰাটো সম্ভৱ নহয়। গতিকে পানীৰ অভাৱত তেওঁলোকে এতিয়াও পথাৰত নামিব পৰা নাই। উল্লেখ্য যে এই সমবায় সমিতিখনৰ লগত জড়িত কৃষকসকলে কমেও পাঁচ হেজাৰ বিঘা ভূমিত ধান খেতি কৰি আহিছে আৰু এই বৃহৎ পৰিমাণৰ ভূমিত এতিয়ালৈকে তেওঁলোকে কৃষিকার্য আৰম্ভই কৰিব পৰা নাই। ইয়াৰ পৰিণাম স্বরূপে এইবাৰ ধান উৎপাদনৰ পৰিমাণ যথেষ্ট অৱনমিত হোৱাটো নিশ্চিত।
একেদৰে ভৱানীপুৰৰ কৃষক সমীন তালুকদাৰেও কয় যে বৰষুণলৈ চাই থাকোতেই আহাৰ পাৰ হৈ শাওণৰো আজি ১০ দিন অতিক্ৰম কৰিলে। অথচ কঠীয়া ৰুব পৰা নাই। ৰুবলে সাজু কৰি থোৱা কঠীয়াৰ বেছিভাগেই পানীৰ অভাৱত হালধীয়া পৰিছে। শেহতীয়াকৈ যোৱা দুই-তিনি দিনৰ পৰা ছেগা-চোৰোকাকৈ বৰষুণ হ’লেও মুঠেও পর্যাপ্ত নহয়।
ৰাজ্যৰ কৃষি বিভাগৰ তথ্য অনুসৰি, এই পর্যন্ত লাভ কৰা তথ্যৰ ভিত্তিত ১৪ খন জিলাব ৭.৫২ লাখ হেক্টৰ ভূমি খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰে কমেও ৩.২৮ লাখ হেক্টৰ কৃষিভূমিত এতিয়ালৈকে কোনো কৃষিকার্য কৰিব পৰা হোৱা নাই। আনহাতে, ১.৩৬ লাখ হেক্টৰ ভূমিত কঠীয়া ৰোৱা হৈছিল যদিও বৰষুণৰ অভাৱত সেইবোৰ নষ্ট হৈছে। ইয়াৰ গুৰুতৰ প্ৰভাৱ এইবাৰৰ ধানৰ উৎপাদনত পৰাটো বিভাগটোবে নিশ্চিত কৰিছে।
প্রসংগক্রমে উল্লেখ্য যে অসমৰ ১৪ শতাংশ কৃষিভূমিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে। অথচ ইয়াকে লৈ ঢাক-ঢোল বজোৱাৰ অন্ত নাই বিভাগীয় মন্ত্রী তথা চৰকাৰৰো; কিন্তু এইবাৰৰ বতৰৰ জটিল পৰিস্থিতিয়ে সেই সকলো ফটাঢোল কোবোৱাৰ বাদে আন একো নহয় বুলি উদঙাই দিছে। সেই কাৰণে বিভাগীয় মন্ত্রী অশোক সিংহলৰ মুখৰ মাত কোনেও এই পর্যন্ত শুনিবলৈ পোৱা নাই।






























