বৰষুণৰ পৰিমাণ হ্রাসে গুৰুতৰ ৰূপ ধাৰণ কৰিছে অসমত। ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, যোৱা পহিলা জুনৰ পৰা কালি অৰ্থাৎ ২৫ জুলাইলৈকে অসমত জিলাভেদে ৮৪ শতাংশ পর্যন্ত বৰষুণ হ্রাস পাইছে।
কৃষি প্রধান ৰাজ্য অসমৰ যিকেইখন জিলাত আটাইতকৈ বেছি কৃষিজাত সামগ্রী উৎপাদন হয়, সেইকেইখন জিলাতে লক্ষ্যণীয় হাৰত হ্রাস হৈছে বৰষুণৰ মাত্রা। চৰকাৰী জলসিঞ্চন ব্যৱস্থা অসমত নগণ্যৰো নগণ্য। গতিকে অসমৰ কৃষক ৰাইজে বৰষুণৰ ওপৰতে সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিবলৈ বাধ্য।
পহিলা জুনৰ পৰা জুলাইলৈ অসমত স্বাভাৱিক দিনত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। অথচ এই সময়ছোৱাতে এইবাৰ বৰষুণৰ মাত্ৰা অভাবনীয়ভাবে নিম্নগামী হৈছে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, এই সময়ছোৱাত ৰাজ্যত স্বাভাৱিকতকৈ ৪৪ শতাংশৰো অধিক কম হাৰত বৰষুণ হৈছে। আজি কেন্দ্ৰটোৰ তথ্য অনুসৰি, সৰ্বাধিক ৮৪ শতাংশ বৰষুণ কমকৈ হয় দক্ষিণ শালমাৰা-মানকাচৰ জিলাত।
তেনেদবে আটাইতকৈ কম বৰষুণৰ হোৱা জিলাসমূহ হ’ল- বৰপেটাত ৭৩ শতাংশ, বাগ্সাত ৫৮ শতাংশ, চিৰাঙত ৬০ শতাংশ, দৰঙত ৭৯ শতাংশ, কামৰূপত ৫৮ শতাংশ, নলবাৰীত ৬৫ শতাংশ, তামুলপুৰত ৬৮ শতাংশ, ধুবুৰীত ৬৫ শতাংশ, ধেমাজিত ৬৫ শতাংশ আৰু বজালীত ৭২ শতাংশ।
ইয়াৰ উপৰি ডিব্ৰুগড়ত ৪৬ শতাংশ, গোৱালপাৰাত ৪৬ শতাংশ, কামৰূপ মহানগৰত ৫৮ শতাংশ, কোকৰাঝাৰত ৫০ শতাংশ, মাজুলীত ৪১ শতাংশ, নগাঁৱত ৫২ শতাংশ, তিনিচুকীয়াত ৪১ শতাংশ কমকৈ বৰষুণ হয়।
বৰষুণৰ পৰিমাণ কম হোৱাৰ ফলত উত্তাপৰ মাত্রাও বৃদ্ধি হৈছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি সম্ভাৱনা ব্যক্ত কৰে যে আগন্তুক পাঁচ দিনলৈ সামগ্রিকভাৱে ৰাজ্যত উত্তাপৰ সৰ্বোচ্চ পৰিমাণ ৩৫ ডিগ্রী চেলচিয়াছৰ ওচৰে-পাঁজৰে থাকিব।
শনিবাৰে গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত গড় তাপমাত্ৰাৰ পৰিমাণ আছিল ৩৫ ডিগ্রী চেলচিয়াছ। ২৯ জুলাইতো গড় সর্বোচ্চ তাপমাত্ৰাৰ পৰিমাণ ৩৩ ডিগ্রী চেলচিয়াছৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। তাৰ পৰৱৰ্তী দিনটোৰ পৰা পুনৰ তাপমাত্ৰাৰ পৰিমাণ উর্ধ্বগামী হ’ব বুলি কেন্দ্ৰটোৱে শনিবাৰে সদৰী কৰে।
ৰাজ্যত শাওণৰ স্বাভাৱিক পৰিমাণৰ বৰষুণ কেতিয়ালৈ হ’ব, সেই পৰিৱেশ অদ্যাপি বায়ুমণ্ডলত সৃষ্টি হোৱা নাই। ইয়াৰ বিপৰীতে দেশৰ কে’বাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণ অব্যাহত আছে। আনকি চুবুৰীয়া ৰাজ্য পশ্চিমবংগত আজি দিনৰ ভাগত বহু অঞ্চলত প্ৰচুৰ বৃষ্টিপাত হয়।
অসমত আগন্তুক ছদিনলৈ আকাশত মেঘ থাকিব যদিও সেয়া স্বাভাৱিক মাত্ৰাত বৰষুণ হ’ব পৰাকৈ পর্যাপ্ত পৰিমাণৰ নহয়। গতিকে আগন্তুক কে’বাদিনলৈ ৰাজ্যবাসীয়ে উৎকট গৰমত ছাটি-ফুটি কৰি থাকিবলৈ হোৱাটো নিশ্চিত।






























