Guwahati Incident:
মহানগৰীৰ দক্ষিণ গাঁৱত শনিবাৰে নিশা পথত বিজুলী বাতিৰ কাম কৰি থকা এজন কৰ্মচাৰীক এগৰাকী স্বল্পখ্যাত অভিনেত্রীয়ে গাড়ীৰে মহটিয়াই নিয়া ঘটনাক লৈ তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। গুৰুতৰভাৱে আহত চামিউল হক নামৰ যুৱকজন সম্প্রতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত জীৱন-মৃত্যুৰে যুঁজি থাকিবলগীয়া হৈছে।
উল্লেখ্য যে গুৰুতৰভাৱে আহত যুৱকজন গুৱাহাটী পৌৰ নিগমৰ বৈদ্যুতিক শাখাত কৰ্মৰত হৈ আছে। অসমীয়া ছবি আৰু ভ্ৰাম্যমাণৰ স্বল্পখ্যাত অভিনেত্রী নন্দিনী কাশ্যপে এই ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে। অৱশ্যে পাছত আহত যুৱকজনৰ লগত একেলগে কাম কৰি থকা লোকসকলে পলায়ন কৰা অভিনেত্ৰী গৰাকীক আবদ্ধ কৰি সংঘটিত কৰা ঘটনাৰ ন্যায় দাবী কৰে;
কিন্তু অভিনেত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত সম্পূর্ণ বেপৰোৱা ভূমিকা গ্রহণ কৰাত যুৱকজনৰ পৰিয়ালৰ লোকে দিছপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। ইয়াৰ ভিত্তিত সোমবাৰে পুৱা ১১ বজাত নন্দিনী কাশ্যপক দিছপুৰ থানাত হাজিৰ হ’বলৈ আৰক্ষীয়ে জাননী জাৰি কৰিছে। আহত যুৱকজনৰ দুয়োখন ভৰিৰ হাড় কে’বা টুকুৰাকৈ ভাঙিছে। তদুপৰি মূৰত গুৰুতৰভাৱে আঘাত পোৱাত মগজুতো তেজ গোট মৰা বুলি আৰক্ষীয়ে পৰিয়ালৰ লোকক জানিবলৈ দিছে।






























