‘ভাৰতীয় বায়ুসেনা বাহিনীয়ে ১০ মে’ত পাকিস্তানৰ একাধিক বায়ুসেনা ঘাটিত প্রচণ্ড আক্রমণ কৰাত পাকিস্তানে পৰাজয় স্বীকাৰ কৰে আৰু শত্রুতা পৰিহাৰৰ প্রস্তাৱ আগবঢ়ায়। তেতিয়াহে ভাৰতৰ তৰফৰ পৰা ‘অপাৰেছন সিন্দুৰ’ স্থগিত ৰখা হৈছে বুলি ঘোষণা কৰি এই প্রস্তাৱ গ্ৰহণ কৰা হয়। ভৱিষ্যতে যদি পাকিস্তানে কোনো দুৰভিসন্ধি কৰে তেন্তে পুনৰ এই অভিযান আৰম্ভ কৰা হ’ব।’
বিৰোধীৰ প্ৰবল দাবীত অপাৰেছন সিন্দূৰক লৈ সোমবাৰে সংসদত হোৱা আলোচনাত এইদৰে ভাৰত চৰকাৰৰ স্থিতি দাঙি ধৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। লোকসভাত প্রতিৰক্ষা মন্ত্রী সিঙে কয়, ‘হেঁচাৰ সম্মুখীন হৈ এই অভিযান বন্ধ কৰা বুলি কোৱাটো ভিত্তিহীন আৰু সম্পূর্ণৰূপে ভুল। মোৰ ৰাজনৈতিক জীৱনত মই মিথ্যাচাৰ নকৰিবলৈ সদায়ে চেষ্টা কৰিছো।’
আকাংক্ষিত ৰাজনৈতিক আৰু সামৰিক লক্ষ্য পূৰণ হোৱাত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে অভিযান সাময়িকভাবে স্থগিত ৰখা বুলি তেওঁ স্পষ্ট কৰে। দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাক লৈ গৌৰৱান্বিত বুলি সিঙে কয় যে ভাৰতৰ অপাৰেজয় নিৰাপত্তা ব্যৱস্থাৰ বাবে পাকিস্তানৰ সকলো আক্ৰমণ প্ৰতিৰোধ কৰাটো সম্ভৱ হৈছিল। তেওঁ কয়, ‘মই গৌৰৱৰে ক’ব বিচাৰো যে আমাৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৱলী, ড্র’ন প্ৰতিৰোধী ব্যৱস্থা আৰু ইলেক্ট্র’নিক সা-সঁজুলিয়ে পাকিস্তানৰ আক্ৰমণ সম্পূর্ণভাৱে ব্যর্থ কৰিলে। আমাৰ নিৰাপত্তা ব্যৱস্থাৱলী অপাৰেজয় আৰু প্ৰতিটো আক্রমণে প্ৰতিৰোধ কৰা হৈছিল।’
তেওঁ কয়, ‘ভাৰতীয় বায়ুসেনা বাহিনীৰ দুর্ভেদ্য আক্রমণ, নিয়ন্ত্ৰণৰেখাৰ সেনাবাহিনীৰ শক্তিশালী প্রত্যাক্রমণ আৰু নৌসেনা বাহিনীৰ আক্ৰমণৰ ভীতিগ্রস্ততাই পাকিস্তানক শিৰনত কৰিবলৈ বাধ্য কৰিছিল।’ তেওঁ কয়, ‘পাকিস্তানে ভাৰতৰ লক্ষ্যস্থলীত আক্ৰমণ কৰিছিল; কিন্তু সেইসমূহ ভাৰতৰ এছ-৪০০ আৰু অন্যান্য বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই অৱৰুদ্ধ কৰে।’
প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয়, ‘অপাৰেছন সিন্দুৰ আছিল এক ঐতিহাসিক সামৰিক আক্রমণ। শক্তিশালী, দৃঢ় কার্যকৰী আৰু সন্ত্ৰাসৰ বিৰুদ্ধে আমাৰ নীতিৰ সিদ্ধান্তকাৰী প্ৰদৰ্শন।’ তেওঁ অপাৰেছন সিন্দূৰক ভাৰতৰ শৌৰ্যৰ প্ৰতীক বুলি ব্যাখ্যা কৰে। তেওঁ কয় যে নাগৰিকৰ প্ৰতি ক্ষতিসাধন কৰিলে ভাৰতে যে মনে মনে বহি নাথাকে সেই কথাই প্ৰদৰ্শন কৰিলে এই অভিযানে।
তেওঁ কয়, ‘আমি এটা সময়ত ‘লাহোৰ বাছ যাত্রা’ এই ভাষাৰে কথা কৈছিলো। কিন্তু পাকিস্তানে সেই কথা বুজি নাপালে। এতিয়া আমি প্রত্যুত্তৰ দিছো বালাকোট আক্ৰমণৰে। ভাৰতে প্রথমে বন্ধুত্বৰ হাত আগবঢ়ায়, কিন্তু কোনো দেশে যদি বিশ্বাসঘাতকতা কৰে তেন্তে কিদৰে হাতৰ মণিবন্ধ মুচৰিব পাৰি সেই কথা জানে ভাৰতে।’
প্ৰতিৰক্ষা মন্ত্রীজনে লগতে সোমবাৰে লোকসভাত তেওঁৰ ভাষণত অপাৰেছন সিন্দূৰৰ পৰিচালনা আৰু ইয়াৰ ৰূপায়ণ সন্দৰ্ভত বিশদ বিৱৰে। এই অভিযান আৰম্ভ কৰাৰ পূৰ্বে ভাৰতীয় সশস্ত্র বাহিনীসমূহে ইয়াৰ প্ৰতিটো দিশ গভীৰভাৱে অধ্যয়ন কৰিছিল আৰু সন্ত্রাসবাদীক সর্বাধিক ক্ষতি কৰিব পৰা পন্থা লৈছিল। ২২ মিনিটৰ ভিতৰত নটা সন্ত্ৰাসৰ ঘাটিত সুসমন্বিতভাৱে ভাৰতীয় সশস্ত্র বাহিনীয়ে আক্রমণ কৰা বুলি তেওঁ সদৰী কৰে।
অপাৰেছন সিন্দুৰত সাতটা সন্ত্রাস শিবিৰ সম্পূৰ্ণৰূপে ক্ষতিগ্রস্ত কৰা বুলি প্ৰতিৰক্ষা মন্ত্রীয়ে সোমবাৰে সদনত প্রকাশ কৰে আৰু কয় যে পাকিস্তান তথা পাক অধ্যুষিত কাশ্মীৰত সাধন কৰা ক্ষতি সন্দৰ্ভত ভাৰতৰ হাতত প্রমাণ আছে। অপাৰেছন সিন্দূৰক লৈ লোকসভাত কালি হোৱা আলোচনা বিতর্কত সিঙে পুনৰ কয়, ‘পহলগাম আক্রমণৰ পাছতে আমাৰ সশস্ত্র বাহিনীয়ে প্ৰত্যুত্তৰ দিয়ে আৰু নটা সন্ত্রাসবাদী ঘাটিত সঠিক লক্ষ্যৰে কৰা আক্রমণত এশৰো অধিক সন্ত্রাসবাদী নিহত হয়। ‘
লোকসভাত কালি অপাৰেছন সিন্দুৰক লৈ হোৱা এক বিশেষ আলোচনা আৰু আৰম্ভণি কৰে প্ৰতিৰক্ষা মন্ত্রী সিঙে। বিৰোধীক উদ্দেশি তেওঁ কয়, ‘বিপক্ষৰ কিছু সদস্যই প্রশ্ন কৰিছে যে আমাৰ কিমান বিমান ভূপতিত কৰা হ’ল। মই ভাবো যে তেওঁলোকৰ এই প্রশ্নই ৰাষ্ট্ৰীয় আবেগক পর্যাপ্ত ৰূপত প্রতিনিধিত্ব কৰা নাই। তেওঁলোকে আমাক এই প্রশ্ন কৰা নাই যে আমাৰ সশস্ত্র বাহিনীয়ে শত্রু পক্ষৰ কিমানখন বিমান আক্রমণৰে ভূপতিত কৰিলে। তেওঁলোকে যদি কিবা প্রশ্ন সুধিব বিচাৰিছে তেতিয়া সেইটো হ’ব লাগিছিল যে ভাৰতে সন্ত্রাসবাদীৰ ঘাটি ধ্বংস কৰিব পাৰিলেনে? ইয়াৰ উত্তৰত কওঁ যে আপোনালোকৰ যদি সুধিবলৈ কোনো প্রশ্ন নাই তেতিয়া এই প্রশ্ন সোধক: এই অভিযানত আমাৰ কোনো বীৰ সৈনিক ক্ষতিগ্রস্ত হৈছে নেকি? উত্তৰত কওঁ যে নাই, আমাৰ কোনো বীৰ সৈনিক ক্ষতিগ্রস্ত হোৱা নাই।’
কংগ্ৰেছৰ হুইপ
কালিৰে পৰা তিনিদিন প্রতিজন সদস্যকে সদনত উপস্থিত থাকিবলৈ কংগ্রেছে লোকসভাৰ সাংসদসকলক হুইপ জাৰি কৰিছে। সদনত কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়ে বিৰোধী দলৰ নেতৃত্ব দিব আৰু প্রিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীয়ে সদনত ভাষণ দিব।
অপাৰেছন তন্দুৰ বিচাৰিছিল
অখিলেশ যাদৱ নেতৃত্বাধীন সমাজবাদী পার্টি (এছপি)ৰ সাংসদ ৰামশংকৰ ৰাজভৰে কয়, ‘পহলগামৰ ঘটনাত দেশবাসী ইমানেই ক্ষুব্ধ হৈছিল যে তেওঁলোকে অপাৰেছন তন্দুৰ বিচাৰিছিল। অপাৰেছন সিন্দুৰ নহয়। অপাৰেছন তন্দুৰ মানে আক্রমণকাৰীৰ সন্ত্রাসবাদীক তন্দুৰ বনাই দিয়া।’
পহলগামৰ ঘটনাৰ ১৭ দিন পাছত কিয় কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ ল’লে এই প্রশ্ন উত্থাপন কৰে এছপিৰ সাংসদজনে। তদুপৰি কয়, ‘অপাৰেছন সিন্দূৰত যে এশজনৰ অধিক সন্ত্রাসবাদীক বিনাশ কৰা হৈছে, তাৰ ভিতৰত কোনো এজন পহলগামৰ আক্ৰমণকাৰী হয়নে?’ সেইটো আচল প্রশ্ন।
কি ক’লে গৌৰৱ গগৈয়ে?
প্ৰতিৰক্ষা মন্ত্রী সিঙে চাপৰ সন্মুখীন হৈ ভাৰতে অপাৰেছন সিন্দূৰ অভিযান বন্ধ কৰা বুলি যি দাবী কৰা হৈছে সেয়া ভিত্তিহীন তথা ভুল বুলি কালি সংসদত ব্যাখ্যা কৰাত প্রতিক্রিয়া প্রকাশ কৰে কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে।
তেওঁ কয়, ‘কেন্দ্রই যি কথা ইতিমধ্যে কৈছে সেই কথাই পুনৰ ক’লে প্ৰতিৰক্ষা মন্ত্ৰীয়ে। কিন্তু দেশবাসীক তেওঁ এই কথা নক’লে যে কিদৰে পহলগামত প্ৰৱেশ কৰিছিল পাঁচ পাকিস্তানী সন্ত্রাসবাদী। তেওঁ পুনৰ কয়, ‘এশদিন হৈ গ’ল। পহলগাম আক্ৰমণৰ পাঁচ সন্ত্রাসবাদীক আজিও কৰায়ত্ত কৰিব নোৱাৰিলে চৰকাৰে। ইয়াৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্রীয়ে নৈতিক দায়িত্ব গ্রহণ কৰা উচিত। আপোনালোকে কৈছে, পাকিস্তানে পুনৰ আক্ৰমণ কৰিব পাৰে। যদি সেয়ে হয়, তেন্তে অপাৰেছন সিন্দূৰক কিদৰে সফল আখ্যা দিয়া হৈছে? আমি কিয় পাক অধিকৃত কাশ্মীৰ কাঢ়ি আনিবলৈ চেষ্টা নকৰিলো। ৰাফেল যুঁজাৰু বিমান কিয় ধ্বংসপ্রাপ্ত হ’ল তাৰ উত্তৰ দিব লাগে।’
কেন্দ্ৰীয় চৰকাৰক চোকা সমালোচনা কৰি এই প্ৰশ্নৰ উত্তৰ বিচাৰে গৌৰৱে, ‘ভাৰতত মাত্র ৩৫ খন ৰাফেল যুঁজাৰু বিমান আছে। যদি ইয়াৰে কিছুসংখ্যক ধ্বংসপ্রাপ্ত কৰা হ’ল, তেন্তে মই ভাবো এয়া বৃহৎ ক্ষতি।’ প্রতিৰক্ষা মন্ত্রী সিঙে আজি ১৬ ঘণ্টীয়া আলোচনা আৰম্ভ কৰাৰ পাছত দিয়া ভাষণত গৌৰৱে লগতে দেশৰ চীফ অৱ ডিফেন্স স্টাফৰ জেনেৰেল অনিল চৌহানৰ এক ভাষ্যৰ উদ্ধৃতি দি কয় যে তেওঁ এক সাক্ষাৎকাৰত কৈছিল যে আৰম্ভণিতে ভাৰতীয় বায়ু সেনাবাহিনীয়ে ক্ষয়-ক্ষতিৰ সন্মুখীন হৈছিল। অৱশ্যে তেওঁ এই বিষয়ে বিতং ব্যাখ্যা নকৰিলে। ‘
তেওঁ চৰকাৰৰ স্বচ্ছতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয়, ‘আমি আজি ৰাজনাথ সিঙৰ পৰা জানিব বিচাৰো যে আমাৰ কিমানখন যুঁজাৰু বিমান ধ্বংসপ্রাপ্ত হ’ল। আমি এই কথা ৰাইজকে নহয়, আমাৰ জোৱানসকলকো ক’ব লাগিব। কিয়নো তেওঁলোককো মিছা কথা কোৱা হৈছে?’ গৌৰৱে কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহকো আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু কয় যে পহলগাম আক্রমণ যিসমূহ ত্রুটিৰ বাবে সংঘটিত হ’ল, এই দায়িত্ব অমিত শ্বাহে ল’ব লাগিব। গৌৰৱে কয়, ‘কোনে দায়িত্ব ল’ব? জম্মু-কাশ্মীৰৰ ৰাজ্যপালে? গৃহমন্ত্রীয়ে দায়িত্ব ল’ব লাগিব। আপুনি ৰাজ্যখনৰ আঁৰত লুকাব নোৱাৰে। এই চৰকাৰ কাপুৰুষৰ আৰু ইমানেই দুর্বল যে তেওঁলোকে পহলগাম কাণ্ডৰ বাবে ট্যুৰ অপাৰেটৰসকলক দায়ী কৰিছে।’
তেওঁ মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ২৬ বাৰ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ বাবে বাণিজ্যৰ প্ৰস্তাৱ আগবঢ়োৱা বুলি প্ৰকাশ কৰা ভাষ্য সন্দৰ্ভতো চৰকাৰক আক্ৰমণ কৰে আৰু কয়, ‘কাৰ সন্মুখত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আত্মসমর্পণ কৰিলে। গৌৰৱে কয় যে জম্মু-কাশ্মীৰৰ পুলৱামাৰ আক্ৰমণ আৰু উৰিৰ পাছত প্ৰধানমন্ত্ৰীয়ে ‘আমি ঘৰৰ ভিতৰত গৈ মাৰিছো’ বুলি কৈছিল আৰু এইদৰেও কৈছিল, ‘আমি সন্ত্ৰাসৰ আন্তঃগাঁথনি ধ্বংস কৰিছো’। তেওঁলোকে এতিয়াও কৈছে যে অপাৰেছন সিন্দূৰ অসম্পূৰ্ণ আৰু পাকিস্তানে পুনৰ আক্ৰমণ কৰিব পাৰে। তেন্তে ই কিদৰে সফলতা হ’ল। তেওঁলোকে নিজেই কৈছে যে যুদ্ধ তেওঁলোকৰ উদ্দেশ্য নাছিল, কিয় নাছিল। তেওঁলোকে কৈছে যে ভূখণ্ড অধিকাৰ কৰাটোও উদ্দেশ্য নাছিল, কিয় নাছিল। আমি কেতিয়া পাক অধিকৃত কাশ্মীৰ ওভতাই লওঁ, আজি যদি নহয়, তেন্তে কেতিয়া? আপোনাৰ চৰকাৰৰ কাৰ্যকালত সর্বাধিক নৃশংস সন্ত্রাসবাদী আক্রমণ সংঘটিত হ’ল।’
গৌৰৱে কয় যে পাকিস্তানে যদি ভাৰতৰ ওচৰত আঁঠু কাঢ়িব সাজু আছিল। তেন্তে আমি কিয় অভিযান বন্ধ কৰিলো আৰু আপোনোলোকে কাৰ ওচৰত আত্মসমর্পণ কৰিলে সেই কথা বিৰোধীয়ে জানিব বিচাৰে। গৌৰৱে কয়, ‘মার্কিন ৰাষ্ট্ৰপতিয়ে ২৬ বাৰ দাবী কৰিছে যে তেওঁ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি সম্পন্ন কৰিবলৈ বাণিজ্যৰ ভাবুকি ব্যৱহাৰ কৰিছিল। তেওঁ কৈছে যে পাঁচৰ পৰা ছয়খন বিমান ধ্বংসপ্রাপ্ত কৰা হৈছে। এখন যুঁজাৰু বিমানৰ দাম কোটি কোটি টকা আৰু সেয়ে আমি প্ৰতিৰক্ষা মন্ত্ৰীৰ পৰা জানিব বিচাৰো। এই দেশৰ সত্য সঁচা কথা শুনাৰ সাহস আছে। তেওঁ উত্তৰ দিব লাগে যে কিমানখন যুঁজাৰু বিমান ধ্বংসপ্রাপ্ত হ’ল?
গৌৰৱে কয়, ‘এয়া হৈছে তথ্যৰ যুদ্ধৰ যুগ। প্ৰতিৰক্ষা মন্ত্ৰীয়ে বহুত কথাই ক’লে। কিন্তু পহলগামলৈ কিদৰে সন্ত্রাসবাদী প্ৰৱেশ কৰিলে আৰু ২৬ জন মানুহক হত্যা কৰিলে সেই কথা নক’লে।
বৈদেশিক মন্ত্রী জয়শংকৰ
লোকসভাত অপাৰেছন সিন্দুৰ বিতৰ্কত অংশ লৈ বৈদেশিক মন্ত্রী জয়শংকৰে কয়, ‘সন্ত্রাসবাদৰ বিৰুদ্ধে পদক্ষেপ অপাৰেছন সিন্দুৰতে অন্ত নপৰে। দেশবাসীৰ সুৰক্ষাৰ বাবে সকলো কৰণীয় কৰা হ’ব।’ মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ ভাষ্যৰ প্ৰসংগত বিৰোধীৰ বাৰম্বাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত তেওঁ কয়, ‘পহলগাম হত্যাকাণ্ডৰ পাছত ড’নাল্ড ট্রাম্পে প্রধানমন্ত্রীক ফোন কৰি দুখ প্ৰকাশ কৰিছিল। তাৰ পাছত ১৭ জুন পর্যন্ত প্ৰধানমন্ত্ৰীৰ স’তে মার্কিন ৰাষ্ট্ৰপতিৰ কোনো কথা-বতৰা হোৱা নাই। অৱশ্যে ১০ মে’ত আমি এটা ফোনকল পাইছিলো। আমাক জনোৱা হৈছিল যে পাকিস্তানে যুদ্ধবিৰতিৰ বাবে সম্মত। আমি কৈছিলো যে ডিজিএমঅ’ চেনেলত এই কথা কওক পাকিস্তানে। আমেৰিকাৰ স’তে কোনো আলোচনাতে বাণিজ্যক লৈ কোনো কথাই হোৱা নাই।
আজিও উত্তাল সংসদ
আজি অপাৰেছন সিন্দূৰক লৈ আলোচনা দিনটোতে কে’বাবাৰো উত্তাল হয় সদন। বিৰোধীৰ হুলস্থূলক লোকসভাৰ অধিবেশন দিনৰ দুই বজালৈ স্থগিত ৰখা হয়। এই মর্মে দুই বজাৰ পাছত আলোচনা আৰম্ভ হয়।






























