Bihar: ✒️বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ আৰু নিবিড় সংশোধনী (এছআইআৰ) ক লৈ দাখিল হোৱা আবেদনৰ শুনানিত নির্বাচন আয়োগক আধাৰ কাৰ্ড আৰু ভোটাৰ কার্ডো পৰিচয় পত্ৰৰূপে বিবেচনাৰ পৰামৰ্শ দিলে উচ্চতম ন্যায়ালয়ে।
‘এছআইআৰ’ত কি কি নথি বিবেচনা কৰা হ’ব, তাৰ এক তালিকা প্রকাশ কৰিছিল নির্বাচন আয়োগে। সেই তালিকাত ৰখা হোৱা নাছিল আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ডৰ দৰে সহজলভ্য নথি।
সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সূর্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ দুজনীয়া বিচাৰপীঠত আজি এই সংক্রান্তীয় আবেদনৰ শুনানি অনুষ্ঠিত হয়। ন্যায়াধীশদ্বয়ে এই দুই নথিক বিবেচনাৰ তালিকাত অন্তর্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে। অৱশ্যে এই বিষয়ত কোনো নির্দেশ দিয়া নাই।
আজি পুনৰ এই শুনানি গ্রহণ কৰিব উচ্চতম ন্যায়ালয়ে। কালিৰ শুনানিৰ সময়তে কিয় আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ডক ‘এছআইআৰ’ৰ বিবেচনাৰ তালিকাত ৰখা নহ’ল বুলি খণ্ড বিচাৰপীঠে আয়োগৰ পৰা জানিব বিচাৰে। আদালতে কয় যে আয়োগে যি সমূহ নথি তালিকাত ৰাখিছে, সেইবোৰৰ প্ৰতিটো নথিয়েই কিবা নহয় কিবা প্ৰকাৰে জাল কৰা হ’ব পাৰে। এয়া আধাৰ বা ভোটাৰ কাৰ্ড বাদ দিয়াৰ যুক্তি হ’ব নোৱাৰে বুলিও আদালতে কয়।
ন্যায়াধীশদ্বয়ে কয়, ‘এই দুই নথি তালিকাত অন্তর্ভুক্ত কৰক। কাইলৈ হয়তো দেখিব যে কেৱল আধাৰ নহয়, ১১টা নথিয়েই জাল কৰা হৈছে। সেয়া অন্য সমস্যা; কিন্তু আমি গণহাৰত নাম বাদ দিছো। গণহাৰত নাম অন্তর্ভুক্ত কৰাও উচিত। দয়া কৰি আপোনালোকে আধাৰ কাৰ্ড অন্তর্ভুক্ত কৰক।’
এই প্রসংগত নির্বাচন আয়োগে কয় যে বিহাৰত নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাত এই সংশোধনীৰ প্ৰয়োজন আছে। জনগাঁথনিৰ পৰিৱৰ্তন তথা প্ৰব্ৰজনৰ কাৰণে ইয়াৰ গুৰুত্ব আৰু বৃদ্ধি হৈছে। বিগত ২০ বছৰ ধৰি বিহাৰৰ এই তালিকাৰ নিবিড় সংশোধনী হোৱা নাই। আধাৰ বা ৰেচন কার্ড সম্পর্কে আয়োগৰ বক্তব্য হৈছে এই নথিসমূহ ভোটাৰ পৰীক্ষাৰ বাবে গ্রহণযোগ্য হ’ব নোৱাৰে; কাৰণ এইবোৰ সহজেই জাল কৰিব পাৰি।
আয়োগৰ তৰফৰ পৰা অধিবক্তা ৰাকেশ দ্বিবেদীয়ে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ একাধিক সীমাবদ্ধতাৰ কথা আদালতৰ মজিয়াত দাঙি ধৰে। যদিও আদালতে ওলোটাই প্রশ্ন উত্থাপন কৰি আধাৰ কাৰ্ড কিয় গ্ৰহণ কৰা নহ’ব বুলি জানিবলৈ বিচাৰে। তেতিয়াই আয়োগৰ অধিবক্তাই জনায় যে আধাৰ কাৰ্ড গ্ৰহণ কৰা হৈছে; কিন্তু তাৰ লগত আন নথিও লোৱা হৈছে। যিকোনো সময়তে এই খচৰা তালিকাক প্রত্যাহ্বান জনাব পৰা যাব।
অৱশ্যে শীর্ষ আদালতে জনায় যে যিকোনো সময়তে তেওঁলোকেও এই তালিকা বাতিল কৰি দিব পাৰে। ন্যায়াধীশদ্বয়ে কয়, ‘বিশ্বাস কৰক, ইয়াৰ দ্বাৰা আপোনালোকৰ ক্ষমতা খর্ব হোৱা নাই। কিবা ভুল হোৱা বুলি জানিব পাৰিলেই আমি সকলোবোৰ বাতিল কৰি দিম। আপোনালোক সাজু থাকিব।’
উল্লেখ্য যে সোমবাৰে এই গোচৰৰ সম্পূৰ্ণ শুনানি সম্ভৱ নহ’ল। আজি শীর্ষ আদালতে পুনৰ গোচৰটো শুনিব। গোচৰীয়া পক্ষৰ তৰফৰ পৰা ভোটাৰ তালিকা চূড়ান্ত কৰাৰ ওপৰত স্থগিতাদেশৰ আবেদন জনাইছিল; কিন্তু সমগ্র প্রক্রিয়াটো এতিয়াই স্থগিত কৰিবলৈ সন্মত নহ’ল উচ্চতম ন্যায়ালয়।






























