Pvt .Hospital:
যোৰহাট নগৰৰ উপকণ্ঠৰ ভাৰতীয় সেনা শিবিৰৰ ওচৰতে এখন বহু বিশেষকৃত চিকিৎসালয় নিৰ্মাণ কৰাত ডাঃ নির্মল চাহেৱালা আৰু কোম্পানী প্রাইভেট লিমিটেডৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ভাৰতীয় সেনা।
ব্যক্তিগত চিকিৎসালয়খন নিৰ্মাণৰ বিৰোধিতা কৰি কৰ্ণেল সৌৰভে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ এখন বিচাৰপীঠে অলপতে বিষয়টোৰ সমাধান সূত্ৰ উলিওৱাৰ বাবে অতিৰিক্ত সহ মহাধিবক্তা বিক্রমজিৎ বেনার্জী, জ্যেষ্ঠ অধিবক্তা সিদ্ধার্থ ডাভে আৰু কর্ণেল সৌৰভক আলোচনাত মিলিত হ’বলৈ অনুৰোধ জনায়।
গোচৰটোত অতিৰিক্ত সহ মহাধিবক্তা বেনার্জীয়ে কেন্দ্রক প্রতিনিধিত্ব কৰি আৰু জ্যেষ্ঠ অধিবক্তা শর্মাই পদকীয়া পক্ষৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰে। তেওঁলোকে যুক্তি প্রদর্শন কৰে যে এই বিষয়ৰ স’তে দুটা দিশ জড়িত হৈ আছে। এটা হ’ল জনস্বাস্থ্যৰ স’তে জড়িত বিষয় আৰু আনটো হ’ল ৰাষ্ট্ৰীয় সুৰক্ষা। শুনানিৰ সময়ত বেনার্জীয়ে কয়, ‘চিকিৎসালয়খনৰ চাৰিসীমাৰ দেৱাল ১৫ ফুটতকৈ ওখ হোৱাৰ লগতে সেনা শিবিৰৰ স’তে পৃথক কৰা এক ব্যৱস্থা থকা উচিত।
তদুপৰি চিকিৎসালয়খনৰ সেনা শিবিৰৰ দিশৰ কোনো খিৰিকীত আইনা থাকিব নোৱাৰিব।’ ইয়াৰ বিপৰীতে সেনাক প্রতিনিধিত্ব কৰি কৰ্ণেল সৌৰভে ন্যায়ালয়ত কয়, ‘বর্তমানে ভাৰত-বাংলাদেশ সীমান্তৰ পৰিৱেশ অতি অস্থিৰ হৈ আছে। দীর্ঘ দূৰত্ব ভেদি স্নাইপাৰ ৰাইফলৰ পৰা আজিকালি বিপদ নাহে। সেনা শিবিৰক লক্ষ্য কৰি এখন ড্র’নেও ভাবুকি আনিব পাৰে।’ এনেদৰে দুয়োপক্ষৰ শুনানি গ্ৰহণৰ অন্তত যোৱা আঠ জানুৱাৰীত বিচাৰপীঠে নিৰ্দেশ জাৰি কৰে। এই নির্দেশত বিচাৰপীঠে কয়, ‘আমি অতিৰিক্ত সহ মহাধিবক্তা বিক্রমজিৎ বেনাৰ্জী আৰু জ্যেষ্ঠ সিদ্ধার্থ ডাভেক কর্ণেল সৌৰভৰ স’তে আলোচনাত মিলিত হৈ ৰাজহুৱা স্বাস্থ্যৰ দিশৰ গুৰুত্বক আওকাণ নকৰি ৰাষ্ট্ৰীয় সুৰক্ষা নিশ্চিতকৰণৰ বাবে উপায় উলিওৱা উচিত।’
বিচাৰপীঠে লগতে এই বুলিও আঙুলিয়াই দিয়ে যে যদি ব্যক্তিগত চিকিৎসালয়খন নির্মাণ প্রতিষ্ঠানে কিছু অতিৰিক্ত ব্যৱস্থা সংলগ্ন কৰাৰ বাবে অতিৰিক্ত ধন খৰচ কৰিবলগীয়া হয়, তেন্তে সেই ক্ষেত্রত কেন্দ্ৰীয় চৰকাৰে প্রতিষ্ঠানখনক সহায় কৰিব পাৰে। আনহাতে, শুনানিৰ সময়ত ডাভেই আঙুলিয়াই দিয়ে যে ডাঃ চাহেৱালা এণ্ড প্রাইভেট কোম্পানী লিমিটেডে যোৰহাট পৌৰসভাৰ অধীনত আঠ বিঘা ১৭ লেচা ভূমি ক্ৰয় কৰি এই চিকিৎসালয় নির্মাণ কৰে।
চিকিৎসালয়খন নিৰ্মাণৰ বাবে ২০২২ৰ চাৰি মাৰ্চত যোৰহাট উন্নয়ন কর্তৃপক্ষয়ো আপত্তিবিহীন প্রমাণপত্র প্রদান কৰে। অৱশ্যে সেনাই আপত্তি দর্শোৱাৰ পাছত উন্নয়ন কর্তৃপক্ষই এই আপত্তিবিহীন প্রমাণপত্র নাকচ কৰে। শুনানিত ডাভেই লগতে উল্লেখ কৰে যে এই সেনা শিবিৰৰ ওচৰতে এখন বজাৰসহ আন নিৰ্মাণ কাৰ্যও কৰা হৈছে। এনে কোনো নির্মাণ কাৰ্যৰ চাৰিসীমাৰ দেৱাল ১৫ ফুটতকৈ ওখ নহয় বুলি উল্লেখ কৰি তেওঁ বিচাৰপীঠত কেতবোৰ ফটোও প্ৰদৰ্শন কৰে।



































