Bjp Leader Arrested:
সৰিয়হৰ ডুলিতে ভুত ৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল বিজেপি নেতা এজনৰ ক্ষেত্ৰত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাংশ বিজেপিৰ নেতা- পালিনেতাৰ কেতবোৰ কুকৰ্মই শাসনাধিষ্ঠ দলটো জনমানসত হেয় প্ৰতিপন্ন হ’বলগীয়া হৈছে ।
ধুবুৰী জিলাৰ বিলাসীপাৰা বিজেপিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ৰাকেশ নাগৰ চোৰাং বিদেশী সুৰাৰ ৰমৰমীয়া ব্যৱসায় অৱশেষত হ’ল ফাদিল । সুৰা চুৰিৰ অভিযোগ উদ্থাপিত হয় নাগৰ বিৰুদ্ধে ৷ গোলাঘাটত চুৰি হোৱা শতাধিক বিদেশী সুৰাৰ কাৰ্টুন হয় উদ্ধাৰ। চাপৰত সুৰাৰ কাৰ্টুন সহ গ্ৰেপ্তাৰ
বিজেপি নেতা ৰাকেশ নাগ ৷
উল্লেখ্য যে পশ্চিম অসমত বিলাতী সুৰাৰ চোৰাং ব্যৱসায় গঢ়ি তুলিছিল নাগে ৷ ৰাকেশৰ পিতৃ অৰুণ নাগ চাপৰ পৌৰসভাৰ উপ- পৌৰপতি ৷ পিতৃৰ লগতে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি দীৰ্ঘদিন ধৰি সুৰা সৰবৰাহৰ এখন ৰমৰমীয়া ব্যৱসায় গঢ়ি তুলিছিল ৷
মনকৰিবলগীয়া যে, গোলাঘাটৰ এখন সুৰা বিপনীৰ পৰা চুৰি হৈছিল কে’বালাখ টকাৰ সুৰা ৷ বিপনী খনৰ স্বত্বাধিকাৰীয়ে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত কৰি গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে ৰাজেশ দাস নামৰ এজন যুৱকক ৷ ধৃত দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত চাপৰ আৰক্ষীয়ে গোলাঘাট আৰক্ষীৰ তথ্যৰ আধাৰত চাপৰ পৌৰসভাৰ পৌৰপতি অৰুণ নাগৰ মালিকাধীন ওৱাইন চপত চলায় অভিযান।
একেদৰে একে পৰিয়ালৰে চাপৰৰ বহলপুৰত থকা ৰাজদ্বীপ ওৱাইন চপত গোলাঘাটৰ পৰা চুৰি হোৱা সুৰাখিনি এখন বলেৰ’ পিকআপ ভানত সৰবৰাহ কৰিব লওতেই হাতেলোটে গ্ৰেপ হয় বিজেপি নেতা ৰাকেশ নাগ ৷ আনহাতে সুৰা সৰবৰাহত ব্যৱহ্ত বলেৰ’ পিকআপ সহ চালক মানজাপ আলীক আটক কৰে চাপৰ আৰক্ষীয়ে ৷
ইপিনে, গুৱাহাটীত আটকাধীন অসম সচিবালয়ৰ কৰ্মচাৰী ৰাজেশ দাসৰ সমন্ধীয় ভাতৃ হ’ল ৰাকেশ নাগ ৷ ৰাজেশৰ চিনাকী সূত্ৰে ৰাকেশে কম মূল্যত ক্ৰয় কৰিছিল গোলাঘাটৰ চুৰি হোৱা চোৰাং সুৰাখিনি। আনহাতে, গোলাঘাট আৰক্ষীয়ে চাপৰ থানাত উপস্থিত হৈ নিজৰ জিন্মাত লয় বিজেপিৰ পালিনেতা ৰাকেশ নাগক ৷
বিজেপি নেতা হোৱা হোৱাৰ সুবাদতে এইদৰে একাংশ বিজেপি নেতা -পালিনেতাই কৰি গৈছে নানান অপকৰ্ম ৷ দিছপুৰ আৰু বশিষ্ঠৰ বাজপেয়ী ভৱনে এইচাম নেতাক নাকী লগাবলৈ সক্ষম হ’বনে ৷






























