Bhopal:✒️অসুস্থ ওচৰ-চুবুৰীয়াক চিকিৎসালয়লৈ লৈ যোৱাটোৱে আছিল ‘অপৰাধ’। ইয়াৰ বাবে মধ্যপ্ৰদেশৰ এজন যুৱকক ১৩ মাহৰ কাৰাদণ্ড বিহা হয়। শেহতীয়াকৈ তেওঁ কাৰাগাৰৰ পৰা মুকলি হয়।
এতিয়া প্ৰশ্ন উত্থাপন হয়, এনে ঘটনাৰ পাছত কোনো অসহায় লোকক সহায় কৰিবলৈ কিয় আগবাঢ়ি আহিব?
ভোপালৰ আদৰ্শ নগৰ বস্তিৰ বাসিন্দা ৰাজেশ বিশ্বকৰ্মাই সহ নাগৰিকক সহায় কৰাৰ অপৰাধত জীৱনৰ ৩৯৫ দিন কাৰাগাৰ আঁৰত কটায়।
ঘটনাটো ২০২৪ চনৰ ১৬ জুনৰ ।চুবুৰীয়া ঘৰৰ এগৰাকী মহিলা গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। তেওঁ নিজেই ৰাজেশৰ পৰা সহায় বিচাৰি তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিবলৈ কৈছিল।
কথা মতেই যুৱকজনেও তেওঁক সহায় কৰিলে। মহিলাগৰাকীক স্থানীয় চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰি পুনৰ কামত লাগি গ’ল।
সন্ধিয়া ৰাজেশে মানৱতাৰ খাতিৰত অসুস্থ চুবুৰীয়াক চাবলৈ চিকিৎসালয়কৈ গ’ল। তাতে ইউ টাৰ্ণ কাণ্ড। চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক। কিন্তু কিয়?
যিহেতু ওচৰ-চুবুৰীয়াৰ মৃত্যু হৈছিল। ৰাজেশে তেওঁক হত্যা কৰা বুলি অভিযোগ উঠিছিল।
গোটেই কথাটো বুজাবলৈ চেষ্টা কৰিলেও যদিও তেওঁক কথা শুনিব বিচৰা নাছিল আইন-শৃংখলা বাহিনীয়ে ।
ভূপাল চহৰৰ বস্তিৰ যুৱকজনে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি ৩৯৫ দিন কাৰাগাৰত কটালে। তেওঁ আশাবাদী আছিল যে এদিন তেওঁ নিৰ্দোষী বুলি প্ৰমাণিত হ’ব। শেহতীয়াকৈ ৰাজেশক দোষমুক্ত কৰিলে ভাগ্যই!
