India-US Trade Deal:✒️ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে ড’নাল্ড ট্ৰাম্পে। ছ’চিয়েল মিডিয়াত তেওঁ জনাইছে, বন্ধু হ’লেও ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰা হৈছে। অহা এক আগষ্টৰ পৰা কাৰ্যকৰী হ’ব এই নতুন শুল্ক।
আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে স্পষ্ট কৰি দিছে যে ভাৰতে ৰাছিয়াৰ পৰা বহু তেল আৰু অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰে। সেইবাবেই ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হৈছে।
বুধবাৰে ট্ৰুথ ছ’চিয়েলত ট্ৰাম্পে লিখিছে, “মনত ৰাখিব লাগিব যে ভাৰত যদিও আমাৰ বন্ধু, আমাৰ দুয়োখন দেশৰ দ্বিপাক্ষিক বাণিজ্য অতি কম।কাৰণ তেওঁলোকৰ শুল্কৰ হাৰ অতি বেছি। তদুপৰি তেওঁলোকৰ বেছিভাগ অস্ত্ৰ ৰাছিয়াৰ পৰা কিনা হয়। ৰাছিয়াৰ শক্তি সম্পদৰ সৰ্বাধিক ক্ৰেতা ভাৰত আৰু চীন। বিশেষকৈ সেই সময়ত যেতিয়া সকলোৱে কৈছে যে ৰাছিয়াই ইউক্ৰেইনত গণহত্যা বন্ধ কৰিব লাগে। গতিকে ভাৰতে এতিয়া ২৫ শতাংশ শুল্ক দিব।গতিকে ভাৰতে এইবাৰ ২৫ শতাংশ শুল্ক দিব। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতেও শাস্তিৰ সন্মুখীন হ’ব লাগিব। এক আগষ্টৰ পৰা কাৰ্যকৰী হ’ব নতুন শুল্কৰ হাৰ।’
উল্লেখ্য যে,বাণিজ্য চুক্তি সম্পূৰ্ণ কৰিবলৈ আমেৰিকাই এক আগষ্টৰ সময়সীমা দিছিল। কিন্তু বিভিন্ন জটিলতাৰ বাবে ভাৰতে এতিয়াও আমেৰিকাৰ স’তে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰা নাই।
এই পৰিস্থিতিত ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰা হ’ব নেকি বুলি সোধাত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, “হয়, সেয়া হ’ব পাৰে”। একে সময়তে ট্ৰাম্পে কয়, “ভাৰত আমাৰ ভাল বন্ধু। কিন্তু ভাৰতে আন যিকোনো দেশতকৈ অধিক শুল্ক আৰোপ কৰিছে।এইটো হ’ব নোৱাৰে। আমেৰিকাই ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপ কৰিব।”
এই সতৰ্কবাণী জাৰি কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ ওপৰত শুল্ক বোমা নিক্ষেপ কৰে। লগতে তেওঁ কয় যে ভাৰতে ৰাছিয়াৰ পৰা সস্তা তেল ক্ৰয় কৰাৰ বাবে ‘শাস্তি’ হিচাপে এই অতিৰিক্ত শুল্কৰ সন্মুখীন হৈছে।






























