ATASU Protest:
মহানগৰীত সদৌ টাই আহোম ছাত্র সন্থাৰ উত্তাল প্ৰতিবাদ। জনজাতিকৰণৰ মৰ্যদা, উজনি অসমত স্বায়ত্ব শাসন প্ৰদান কৰা, ভূমিপুত্র খিলঞ্জীয়াক ভূমি অধিকাৰ প্ৰদান কৰা, সন্দেহজনক লোকসকলক অসমৰ পৰা বিতাৰণ কৰা আদি কে’বাটাও দাবীত বুধবাৰে জয়ানগৰস্থ আটাছুৰ কাৰ্যালয়ৰ পৰা কে’বা সহস্ৰাধিক আটাছু নেতা- কৰ্মীয়ে দিছপুৰৰ জনতা ভৱন ঘেৰাও কৰাৰ উদ্দেশ্যৰে এক সমদল বাহিৰ কৰে যদিও আদবাটতে বাধাৰোপ কৰে আৰক্ষীয়ে ৷
জয়ানগৰৰ ৰাজপথতে বহু সময় ধৰি আটাছু কৰ্মী সকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে।
