AJYCP Strike:
মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্রত অৱস্থান ধৰ্মঘট অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ ৷আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত মঙলবাৰে পৰিষদৰ শতাধিক নেতা- কৰ্মীয়ে হাতত প্লেকাৰ্ড লৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ পৰিষদৰ দীৰ্ঘদিনীয়া দাবী আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা অচিৰেই প্ৰৱৰ্তনৰ সমৰ্থনত বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ মুখৰিত কৰি তোলে।
অৱস্থান ধৰ্মঘটত অংশ লৈ যুৱ- ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই কয়, অসমক বিদেশী মুক্ত আৰু বহি:ৰাজ্যৰ পৰা সঘনে হোৱা অবাধ প্ৰব্ৰজন ৰোধ কৰিবলৈ হ’লে আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাটো নিতান্তই প্ৰয়োজন হৈ পৰিছে ৷ এনে প্ৰেক্ষাপটত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে তৎকালেই সময়োচিত পদক্ষেপ লওক ৷






























