বক্সিং ৰিঙত দুই ৰ’বটৰ কুস্তী যুঁজ!

গোৰ-লাঠেৰে আক্রমণ-প্রত্যাক্রমণ

WhatsApp Image 2025 07 27 at 18.35.08 f26f336d

China:✒️বক্সিং ৰিঙত কুস্তী যুঁজত মানুহ নহয়, নামিছে দুই ৰবট। মানুহৰ দৰেই ৰবট দুটাই তুমুল যুঁজত অৱতীৰ্ণও হ’ল। পৰস্পৰে পৰস্পৰক গোৰ-লাথেৰে আক্ৰমণ-প্রত্যাক্রমণ কৰে।

দৃশ্যটো দেখিলে এনে লাগে যেন দুজন কুস্তী যোদ্ধাহে খেলত নামিছে। অত্যাধুনিক প্রযুক্তি কৌশল তথা কৃত্রিম বুদ্ধিমত্তা প্রযুক্তি (এআই) যুক্ত দুয়োটা ৰবটৰ আচাৰ-আচৰণো মানুহৰ সদৃশ।

সামাজিক মাধ্যমত ভাইৰেল হোৱা এই ভিডিঅ’ই বহুতকে অবাক কৰিছে। ‘ভাইৰেলৰাছ’ নামৰ এটা একাউণ্টৰ পৰা এক্সত এই ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅ’টোত যুঁজখন উপভোগ কৰি থকা দর্শকো দেখা গৈছে।

একাংশ দর্শকে কিৰীলিও পাৰি উঠে। ঘোচা, গোৰ, লাথেৰে এটা ৰবটে আনটো ৰবটক কৰা আক্রমণে বহুতকে আমোদ দিয়ে। অৱশ্যে এই ভিডিঅ’ৰ সত্যাসত্যক লৈ একাংশই প্রশ্নও উত্থাপন কৰিছে।

সামাজিক মাধ্যমত ভিডিঅ’টো আপলোড কৰা জনেও স্পষ্ট কৰা নাই এই যুঁজখন ক’ত অনুষ্ঠিত হয়। অৱশ্যে সূত্ৰৰ মতে, ৰবটৰ মাজৰ এই যুঁজ অনুষ্ঠিত হয় চীনৰ চাংহাইত আয়োজিত বিশ্ব কৃত্রিম বুদ্ধিমত্তা সম্মিলনত।

এই সম্মিলনত আঠশৰো অধিক সংস্থাই যোগদান কৰে। অনুষ্ঠানৰ প্ৰদৰ্শনীত ৬০টা ৰবটৰ উপৰি কৃত্ৰিম বুদ্ধিমত্তাযুক্ত ৫০টা যন্ত্ৰ ৰখা হয়।

Exit mobile version