Moral Policing incident in Golakganj:
ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা ৷ চোৰৰ সন্দেহত এজন লোকক গছত বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ একাংশ লোকৰ৷তালিবানী শাস্তি দিয়া এই অমানৱীয় ঘটনা সংঘটিত হয় গৌৰীপুৰৰ বালাজানত ৷
চাইকেল চুৰিৰ সন্দেহত লোকজনক আবদ্ধ কৰে একাংশ যুৱকে। লোকজন কোকৰাঝাৰ জিলাৰ শান্তি-নগৰৰ সুদীপ সুত্ৰধৰ। পুৱা বালাজান অঞ্চলত লোক জনক গছত বান্ধি যুৱক কেইজনে চলাই যায় তালিবানী শাস্তি৷
অৱশ্যে পিছত ৰচিৰে গছত বান্ধি থোৱা অৱস্থাত লোক জনক বালাজান আৰক্ষীয়ে উদ্ধাৰ কৰি আৰক্ষী চকীলৈ নিয়ে। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বালাজান আৰক্ষীয়ে। মৰেল পুলিচিঙৰ দৰে সংঘটিত ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সমগ্ৰ বালাজান৷ আইন হাতত তুলি লোৱা সকলৰ ওপৰত শাস্তি দাবী সচেতন মহলৰ |




































