China:✒️ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে চীনৰ বানপানী। ধাৰাবাহিকভাৱে হোৱা বৰষুণত কমেও ৬০ জন লোকৰ মৃত্যু হৈছে। কেৱল বেইজিঙত যোৱা সপ্তাহৰ পৰা ৪৪ জন লোকৰ মৃত্যু হৈছে।
বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে, চীনে বহু বছৰ ধৰি এনে প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱা নাই।
উত্তৰ চীনত বানত মৃত্যু হোৱা ৬০ জন লোকৰ আধাতকৈ অধিক লোক বেইজিঙ চহৰৰ অঞ্চলৰ এখন বৃদ্ধাশ্ৰমৰ বাসিন্দা।
ইফালে, হেবেই প্ৰদেশত কমেও ৩১জন লোক সন্ধানহীন হৈ আছে। ধাৰাবাহিক দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৩১টা গুৰুত্বপূৰ্ণ পথ।
বিদ্যুৎসংযোগ বন্ধ হোৱাৰ লগতে ১৩৬ খন গাঁৱত ন্ধকাৰ নামিছে। তথ্য অনুসৰি,উদ্ধাৰকাৰী দলে হেলিকপ্টাৰ ব্যৱহাৰ কৰি আবদ্ধ হৈ থকা লোকসকলক উলিয়াই আনিছে। পৰিস্থিতি অতি চিন্তনীয়।
প্ৰসংগক্ৰমে বছৰৰ এই সময়ত বেইজিঙত প্ৰচণ্ড বৰষুণ হয়।২০১২ চনৰ জুলাই মাহত হোৱা বানত ৭৯ জন লোকৰ মৃত্যু হৈছিল, যিটো এতিয়ালৈকে হোৱা সৰ্বাধিক ভয়াৱহ বানত। কিন্তু এইবাৰৰ পৰিস্থিতি আৰু ভয়াৱহ। চীনৰ বেইজিং আৰু অন্যান্য প্ৰদেশৰ দুৰ্যোগৰ পৰিস্থিতিক লৈ উদ্বিগ্ন ৰাষ্ট্ৰপতি ছি জিনপিং।
তেওঁ আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, দুৰ্যোগ সাহায্য বাহিনীকে ধৰি সকলো জৰুৰীকালীন বিভাগকে যুদ্ধকালীন তৎপৰতাত কাম কৰিবলৈ নিৰ্দেশ দিছে।
