Rohingya:ভাৰতত থকা ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী, সেয়া স্থিৰ কৰাৰ পাছতহে ৰোহিংগীয়া সংক্রান্তীয় গোচৰৰ শুনানি গ্ৰহণৰ সিদ্ধান্ত ল’লে উচ্চতম ন্যায়ালয়ে। আজি উচ্চতম ন্যায়ালয়ৰ এখন তিনিজনীয়া বিচাৰপীঠে ৰোহিংগীয়া সংক্রান্তীয় বিভিন্ন গোচৰ তিনিটা ভাগত ভাগ কৰি শুনানি গ্ৰহণৰ সিদ্ধান্ত লয়।
গোচৰৰ শুনানিৰ সময়ত বিচাৰপীঠে মন্তব্য কৰে যে ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী সেয়া এবাৰ স্থিৰ হোৱাৰ পাছত এই সংক্রান্তীয় গোচৰসমূহৰ বিচাৰ কৰিব পৰা হ’ব। বিচাৰপীঠে লগতে ইংগিত দিয়ে যে অনুপ্ৰৱেশকাৰী আৰু তেওঁলোকৰ বিতাড়নৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ কৰণীয় কি সেই বিষয়ে মাথোঁ এটা নীতিহে ন্যায়ালয়ে স্থিৰ কৰি দিব পাৰে।
শুনানিৰ সময়ত তিনিজনীয়া বিচাৰপীঠখনৰ অন্যতম বিচাৰপতি ন্যায়াধীশ সূর্যকান্তে কয়, ‘এই ক্ষেত্রত গুৰুত্বপূর্ণ বিষয়টো হ’ল ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী সেয়া স্থিৰ কৰাটো।’
আনহাতে, বৃহস্পতিবাৰে বিচাৰপীঠে ৰোহিংগীয়াসকলৰ স’তে জড়িত গোচৰসমূহ যি তিনিটা ভাগত বিভক্ত কৰিলে তাৰ এটা ভাগত আছে ৰোহিংগীয়া সংক্রান্তীয় গোচৰ। আন এটা ভাগত আছে ৰোহিংগীয়াসকলৰ সমস্যা সংক্রান্তীয় গোচৰ।
তৃতীয়টো ভাগত আছে আন বিষয়ৰ স’তে জড়িত থকা ৰোহিংগীয়া সম্পর্ক গোচৰ। ন্যায়াধীশ দীপাংকৰ দত্ত আৰু এন ক’টিশ্বৰ সিঙকো সামৰি গঠিত এই তিনিজনীয়া বিচাৰৰ্পীঠে কয় যে এই তিনি ধৰণৰ গোচৰৰ শুনানি পৃথকভাবে গ্রহণ কৰা হ’ব।
সপ্তাহৰ প্ৰতি বুধবাৰে এই গোচৰসমূহৰ শুনানি গ্রহণ কৰা হ’ব বুলিও বিচাৰপীঠে মন্তব্য কৰে। আজি বিচাৰপীঠে মতপোষণ কৰে যে যদি বোহিংগীয়াসকল শৰণাৰ্থী নহয়, অনুপ্রৱেশকাৰী হয়, তেন্তে তেওঁলোকক বিতাড়নৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যসমূহে সঠিক পদক্ষেপ গ্রহণ কৰিছিল নে?
বিচাৰপীঠে চৰকাৰক উদ্দেশি এটা আনুষংগিক প্রশ্ন কৰি কয়, ‘ৰোহিংগীয়াসকল অনুপ্ৰৱেশকাৰী হ’লেও তেওঁলোকক অনির্দিষ্ট কালৰ বাবে আটক কৰি ৰাখিব পাৰি নেকি? চৰ্ত সাপেক্ষে আদালতৰ পৰা জামিন লাভৰ অধিকাৰ তেওঁলোকৰ আছে নেকি?’ বিচাৰপীঠে শুনানি গ্রহণ কৰাৰ সময়ত আন এটা বিষয়ো ন্যায়ালয়ত চর্চিত হয়।
এই বিষয়টো হ’ল যে ৰোহিংগীয়াসকলক আটক কৰা হোৱা নাই আৰু তেওঁলোকে শৰণার্থী শিবিৰত বাস কৰিছে। এই শৰণাৰ্থীসকলে পানী, নলা-নর্দমাৰ সুবিধা আৰু শিক্ষাৰ দৰে মৌলিক অধিকাৰ লাভ কৰিছে নে নাই। তদুপৰি ৰোহিংগীয়াসকল অনুপ্ৰৱেশকাৰী হ’লেও আইন প্রয়োগ কৰি তেওঁলোকক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে বহিষ্কাৰ কৰিব পাৰে নে নোৱাৰে সেই বিষয়েও গোচৰৰ আওতালৈ আহিছে।
উল্লেখ্য যে যোৱা ১৬ মে’ত ৰোহিংগীয়া সম্পর্কীয় কেতবোৰ গোচৰৰ ওচৰীয়াসকলক উচ্চতম ন্যায়ালয়ে ধমক দিছিল। এই গুচৰীয়াসকলে অভিযোগ উত্থাপন কৰে যে শিশু আৰু মহিলাসহ ৪৩ জন ৰোহিংগীয়াক আন্দামান সাগৰ হৈ ম্যানম্যাৰলৈ বিতাড়ন কৰা হৈছে। এই গুচৰীয়াসকলক ন্যায়ালয়ে ধমক দি কয়, ‘আপোনালোকে মূর্খৰ দৰে গল্প কৰিবলৈ ইয়ালৈ আহিছে।’
এজন গুচৰীয়াই আদালতত দাখিল কৰা তথ্যৰ গ্রহণযোগ্যতাক লৈও ন্যায়ালয়ে প্রশ্ন উত্থাপন কৰিছিল। তদুপৰি যোৱা আঠ মে’ত উচ্চতম ন্যায়ালয়ে ৰোহিংগীয়া সম্পর্কীয় গোচৰত মন্তব্য কৰে যে ভাৰতত থকা কোনো ৰোহিংগীয়া ভাৰতীয় আইন অনুসৰি বিদেশী প্রমাণিত হ’লে লোকজনক দেশৰ পৰা বহিষ্কাৰ কৰা হ’ব।






























