AI:
বুদ্ধিমত্তা সংযোজন কৰি এটা বিশেষ এপৰে এক শিক্ষা ৰবট উদ্ভাৱনৰে বিশ্বজুৰি এক চমক সৃষ্টি কৰিছে তেজপুৰৰ এজন মেধাৱী ছাত্রই। এই শিক্ষা ৰবটৰ বাবেই তেজপুৰৰ ছাত্ৰজনক জাপানে তাত অধ্যয়ন তথা এই উদ্ভাৱনী ক্ষেত্ৰখনত নিজৰ মেধাৰ প্ৰয়োগ কৰাৰ সুযোগৰে আমন্ত্রণ জনাইছে। প্রণিধানযোগ্য যে বাংগালুৰুত অধ্যয়নৰত তেজপুৰৰ এজন মেধাবী ছাত্র শ্ল’ক খোচলাই কৃত্রিম বুদ্ধিমত্তাৰ এক চমকপ্রদ সাফল্য লাভ কৰাৰ পাছতে এই মেধাৱী ছাত্রজনক আমন্ত্রণ জনোৱা হৈছে জাপানলৈ।
উল্লেখ্য যে ছাত্রজনে কম বয়সৰ শিক্ষার্থীসকলৰ বাবে উপযোগী আৰু অধ্যয়নৰ বাবে আকর্ষণ বৃদ্ধি পোৱাৰ উদ্দেশ্যৰে উদ্ভাৱন কৰিছে এক শিক্ষা ৰবট। উল্লেখ্য যে পল’ নামৰে নামকৰণ কৰা এই বিশেষ বৰটে শিক্ষাৰ ক্ষেত্রত এক নতুন দিশ উন্মোচন কৰিবলৈ সক্ষম হ’ব। বিশেষকৈ শিশু আৰু শিক্ষাৰ্থীৰ বাবে শিক্ষা অধিক সহজ আৰু আকর্ষণীয় কৰি তুলিবলৈ ই সক্ষম হ’ব।
উদ্ভাবক ছাত্রজনে কয় যে যদিহে শ্রেণী কোঠাত শিক্ষক নাথাকে তেতিয়াও শিক্ষকজনে এই ৰবটৰ সহায়ত যিকোনো স্থানৰ পৰাই ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিব পাৰিব। নিত্য-নৈমিত্তিক সাধাৰণভাৱেই এই ৰবটৰ সহায়ত শিক্ষাদান অতি সহজ হ’ব বুলিও তেওঁ কয়। তদুপৰি শৈক্ষিক ক্ষেত্ৰৰ লগতে আন কেতবোৰ দিশতো এই বিশেষ ৰবটে সেৱা আগবঢ়াবলৈ সক্ষম হ’ব বুলি ছাত্র শ্ল’কে উল্লেখ কৰে।
প্রণিধানযোগ্য যে বাংগালুৰুৰ এম এছ ৰামায়া ইনষ্টিটিউট অৱ টেকন’লজিৰ বৈদ্যুতিন আৰু সঁজুলি অভিযান্ত্রিক বিভাগৰ প্ৰথম বৰ্ষৰ ছাত্ৰ তথা তেজপুৰ চহৰৰ হেমানন্দ খোচলা আৰু বন্দনা খোচলাৰ পুত্ৰ শ্ল’কে এই পল’ শিক্ষা ৰবটটো উদ্ভাৱন কৰাৰ পাছতে তেওঁ এই বিষয়ে ইন্টাৰনেটৰ সহায়ত এই দিশত ছাত্রজনে কয় যে যদিহে শ্রেণী কোঠাত শিক্ষক নাথাকে তেতিয়াও শিক্ষকজনে এই ৰবটৰ সহায়ত যিকোনো স্থানৰ পৰাই ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিব পাৰিব।
নিত্য-নৈমিত্তিক সাধাৰণভাৱেই এই ৰবটৰ সহায়ত শিক্ষাদান অতি সহজ হ’ব বুলিও তেওঁ কয়। তদুপৰি শৈক্ষিক ক্ষেত্ৰৰ লগতে আন কেতবোৰ দিশতো এই বিশেষ ৰবটে সেৱা আগবঢ়াবলৈ সক্ষম হ’ব বুলি ছাত্র শ্ল’কে উল্লেখ কৰে। প্রণিধানযোগ্য যে বাংগালুৰৰ এম এছ ৰামায়া ইনষ্টিটিউট অৱ টেকন’লজিৰ বৈদ্যুতিন আৰু সঁজুলি অভিযান্ত্রিক বিভাগৰ প্ৰথম বৰ্ষৰ ছাত্ৰ তথা তেজপুৰ চহৰৰ হেমানন্দ খোচলা আৰু বন্দনা খোচলাৰ পুত্ৰ শ্ল’কে এই পল’ শিক্ষা ৰবটটো উদ্ভাৱন কৰাৰ পাছতে তেওঁ এই বিষয়ে ইন্টাৰনেটৰ সহায়ত এই দিশত অধ্যয়ন তথা গৱেষণা কৰি থকা বিশ্বৰ বিভিন্ন দেশৰে যোগাযোগ কৰে।
ইয়াৰ ভিত্তিতেই আয়োজিত এক পৰীক্ষাত শ্ল’কে এই উদ্ভাৱনৰ জৰিয়তে বিশ্বৰ ভিতৰতে দশম স্থানৰ ভিতৰত স্থান লাভ কৰি ইন্টার্ণশ্বিপসহ জাপানলৈ যোৱাৰ সুবিধা লাভ কৰে। শ্ল’কে তেওঁৰ এই সাফল্য সন্দর্ভত কয় যে শৈশৱৰে পৰাই ৰব ‘টিক ক্ষেত্ৰখনৰ প্রতি অতি আকর্ষণ অনুভৱ কৰা শ্ল’কে পৰৱৰ্তী সময়ত এই দিশত কাম কৰে। যোৱা সময়ত চলোৱা গৱেষণা তথা অধ্যয়নৰ অন্তত ছফট্ৰেৰ আৰু এপৰ প্ৰস্তুত কৰি ইয়াক হার্ডৱেৰলৈ পৰিৱৰ্তন কৰা শ্ল’কে লগতে কয় যে ইয়াৰ অবয়ৱৰ কামো শীঘ্রেই সম্পূর্ণ হৈ উঠিব।
তেওঁ লগতে কয় যে কেবল শৈক্ষিক দিশতেই নহয়, ঘৰুৱা সুৰক্ষাকে ধৰি আন একাধিক ক্ষেত্ৰত পল’ক ব্যৱহাৰ কৰিব পৰা যাব। প’ল ই যিকোনো বিষয়ৰ প্ৰশ্নৰ উত্তৰ তৎকালে দিয়াৰ লগতে বুজাই দিবলৈ সক্ষম হোৱাৰ লগতে একোজন মানুহৰ স’তে মুখামুখিকৈ অতি স্বাভাবিকভাবে কথা-বতৰা পাতিবলৈও সক্ষম হ’ব বুলিও তেওঁ কয়। তেজপুৰীয়া ছাত্র শ্ল’কৰ এই উদ্ভাবনে ইতিমধ্যে বহুজনক আকৰ্ষিত কৰাৰ সমান্তৰালকৈ আন্তর্জাতিক গবেষণা ক্ষেত্রতো স্বীকৃতি লাভ কৰাত ছাত্রজনে অনাগত সময়ত ইয়াৰ পৰিসৰ অধিক বৃদ্ধি কৰিব পৰা যাব বুলিও আশা ব্যক্ত কৰে ৷






























