Artificial intelligence:
ইতিমধ্যে প্রায় বিশ্বজুৰি আশংকা ঘনীভূত হৈছে যে অদূৰ ভৱিষ্যতে মানুহৰ সকলো কাম কৃত্রিম বুদ্ধিমত্তা (এআই)ই কাঢ়ি ল’ব। এনে আশংকাক অধিক গভীৰ কৰি বুদ্ধিমত্তা বিশেষজ্ঞ আডম ডৰে কয়, ‘আগন্তুক ২০ বছৰৰ ভিতৰত সকলো চাকৰি বা কাম মানুহৰ পৰা কৃত্রিম বুদ্ধিমত্তাৰ দখললৈ যাব। অৱশ্যে তিনিটা কাম কৃত্রিম বুদ্ধিমত্তাৰ গ্ৰাসৰ পৰা সাৰি থাকিব।’
বিশেষজ্ঞজনৰ সম্পর্কত বিশেষজ্ঞ ডৰে সতর্ক বার্তাও প্ৰেৰণ কৰিছে। তেওঁ কয়, ‘কোনোবাই ভাবিব পাৰে যে পৃথিৱীত ইমান যন্ত্ৰ ব্যৱহাৰ হৈ থকাৰ পাছতো মানুহে কাম কৰি শেহতীয়াভাৱে এজন কৃত্রিম বুদ্ধিমত্তা বিশেষজ্ঞই মন্তব্য কৰিছে যে ২০৪৫ৰ ভিতৰত তিনিটা কামক বাদ দি সকলো কামেই মানুহৰ হাতৰ পৰা কৃত্রিম বুদ্ধিমত্তাই কাঢ়ি ল’ব। এখন ব্ৰিটিছ সংবাদপত্ৰৰ আগত কৃত্রিম মতে, এই তিনিটা কাম হ’ল ৰাজনীতিক, যৌন কর্মী আৰু নীতি নিৰ্ধাৰকৰ কাম।
এই তিনিটা ক্ষেত্রত কৃত্রিম বুদ্ধিমত্তাই এতিয়াও কোনো প্রভাৱ পেলাব পৰা নাই বুলি বিশেষজ্ঞজনে আঙুলিয়াই দিছে। কৃত্রিম বুদ্ধিমত্তাৰ আগ্রাসন আছে। কিন্তু কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্রত কথাটো তেনে নহয়। এআইৰ মোকাবিলা কৰাৰ সময় আৰু আমাৰ হাতত নাই।’ একে মতেই পোষণ কৰিছে আন একাংশ কৃত্রিম বুদ্ধিমত্তা বিশেষজ্ঞয়ো। কৃত্রিম বুদ্ধিমত্তাৰ পিতৃ পুৰুষৰূপে খ্যাত জিঅ’ফ্রে হিণ্টনেও ইয়াৰ আগ্রাসনক লৈ উদ্বেগ প্রকাশ কৰিছে।
একেদৰে ‘অপেন এআই’ প্ৰতিষ্ঠানৰ মুৰব্বী ছেম অল্টমেন আৰু ‘মেটা’ প্ৰতিষ্ঠানৰ প্ৰধান এআই বিজ্ঞানী ইয়ান লেকুনেৰ মতে, এআইৰ কাম-কাজে বজাৰত আমূল পৰিৱৰ্তন সাধন কৰিব। অৱশ্যে অল্টমেন আৰু লেকুনেৰ মতে, কৃত্রিম বুদ্ধিমত্তাই কেৱল চাকৰিয়ে নাখায়, চাকৰিৰ নতুন ক্ষেত্রও উদ্ভাৱন কৰিব। অৱশ্যে সেই চাকৰি বৰ্তমানে থকা চাকৰিৰ নিচিনা নহ’ব বুলি দুয়ো মতপোষণ কৰিছে।
একেদৰে আন একাংশ বিশেষজ্ঞয়ো দাবী কৰিছে যে কৃত্রিম বুদ্ধিমত্তাৰ আগ্ৰাসনৰ ফলত চাকৰিৰ বজাৰত সংকট সৃষ্টি হোৱাটো নিশ্চিত, কিন্তু ইয়াৰ সমান্তৰালভাৱে চাকৰিৰ বিকল্প পথো মুকলি হ’ব। লক্ষ্যণীয়ভাৱে শেহতীয়াভাৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মন্তব্য কৰে যে কৃত্রিম বুদ্ধিমত্তাই চাকৰিৰ বজাৰত বিশেষ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা ক্ষীণ।






























