Bhaona Acting Workshop:
সৰুকছাৰীত ১৫ দিনীয়া ভাওনা অভিনয়-বায়ন কৰ্মশালাৰ সামৰণি অনুষ্ঠান সম্পন্ন I মহাপুৰুষীয়া আদৰ্শৰে ছাত্ৰ-ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ আদৰণীয় প্ৰয়াস বৃহত্তৰ সৰুকছাৰী সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ। ভাওনাৰ অভিনয় আৰু বায়ন কৰ্মশালাৰ জৰিয়তে কণ কণ ছাত্ৰ-ছাত্ৰীসকলক মহাপুৰুষীয়া আদৰ্শ পৰিচয় কৰোৱাৰ উদ্দেশ্যে গ্ৰহণ কৰে এক আদৰণীয় পদক্ষেপ।
বৃহত্তৰ সৰুকছাৰী সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত সৰুকছাৰী বৰনামঘৰত ১৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই ভাওনা অভিনয় আৰু বায়ন কৰ্মশালাত অঞ্চলটোৰ প্ৰায় শতাধিক কণ কণ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। দিনজোৰা কাৰ্যসূচীৰে নামঘৰতে অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত নামঘৰ পৰিচালনা সমিতি আৰু কৰ্মশালা পৰিচালনা সমিতিৰ আটাইকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকি প্ৰশিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰে।
স্থানীয় কেইবাশতাধিক লোকৰ সমাগম হোৱা অনুষ্ঠানত প্ৰশিক্ষিত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন পাৰদৰ্শিতা প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। কম দিনৰ দিনৰ ভিতৰতে ভাওনাৰ পৰিৱেশন শৈলী, খোলবাদ্য আয়ত্ত্ব কৰি ৰাইজৰ আগত প্ৰদৰ্শন কৰিব পৰাকৈ কণ কণ ছাত্ৰ-ছাত্ৰীসকল সাহসী আৰু সক্ষম হোৱাত অভিভাৱকসকলে সন্তোষ প্ৰকাশ কৰিছে।






























