Bijni foundation stone Bijit Narayan Statue:বিজনীত বিজনী ৰাজ্যৰ প্ৰতিষ্ঠাতা কোচ ৰজা বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন

অসম চৰকাৰৰ আনটাইড ফাণ্ডৰ অধীনত ৩০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব কোচ ৰজা বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি

bijni

Bijni

foundation stone Bijit Narayan Statue:

বিজনীবাসী ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আৰু সপোন পূৰণ হবলৈ আগবাঢ়িছে । বিজনী চহৰৰ মাজমজিয়াত স্থাপন হবলৈ গৈ আছে বিজনী ৰাজ্যৰ প্ৰতিষ্ঠাতা কোচ ৰজা বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি। বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ প্ৰচেষ্টাত অসম চৰকাৰৰ আনটাইড ফাণ্ডৰ জৰিয়তে ৩০ লাখ টকা ব্যয় সাপেক্ষে আজি বিজনী চহৰৰ ৪ নং ৱাৰ্ডৰ অসামৰিক যোগান বিভাগৰ কাৰ্যালয়ৰ সমীপত আধাৰশিলা স্থাপন কৰা হয় কোচ ৰজা বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তিৰ।

আজি বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে কোচ ৰজা বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তিৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰি পৰৱৰ্তী সময়ত বিজিত নাৰায়ণৰ নামেৰে এটা প্ৰেক্ষাগৃহ স্থাপন কৰাৰ কথা ঘোষণা কৰে বিধায়ক ৰায়ে।

আধাৰশিলা স্থাপন কাৰ্যসূচীত বিটিআৰৰ উপাধ্যক অভিৰাম মহানায়ক, পাৰিষদ প্ৰভাত বসুমতাৰী আৰু প্ৰদীপ কুমাৰ বায়ন, আক্ৰাছুৰ নৱ নিৰ্বাচিত সভাপতি মনোজ ৰায়, বিজনীৰ বিশিষ্ট সমাজকৰ্মী ড: সুবীৰ কুমাৰ দাসসহ কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Exit mobile version