Deadbody Recovered:
বকোত পুৱাই উদ্ধাৰ হোৱা এটা মৃতদেহক লৈ চাঞ্চল্য ৷ চুকুনীয়াপাৰাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নৱ নিৰ্মিত দলং আৰু পুৰণি দলঙৰ মাজৰ পানীৰ যুৱলিত মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷
ADVERTISEMENT
মৃত লোকজন ধূপগুৰীৰ পহিলা ৰাভা বুলি চিনাক্ত কৰা হয় ৷ তিনিদিন ধৰি সন্ধানহীন আছিল লোকজন। খেতি পথাৰলৈ ওলাই গৈ উভতি নাহিল লোকজন। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।






























