Citu Protest In Boko:
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, কৰ্মচাৰী ফেডাৰেচনসমুহ আৰু সংযুক্ত কিষান মৰ্চাই আহ্বান জনোৱা ধৰ্মঘট কাৰ্যসূচী বকোতো ৰূপায়ন কৰা হয়। বকোত চিটুৰ দক্ষিণ কামৰূপ জিলা সমিতিয়ে ড: ভূপেন হাজৰিকা সোঁৱৰণী মঞ্চৰ পৰা সমদল কৰি বকো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে।
ADVERTISEMENT
বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে। ধৰ্মঘট কাৰ্যসূচীৰ দাবীসমুহ ৰূপায়ন কৰাৰ বাবে ছয়গাঁও উদ্যোগিক বিকাশ কেন্দ্ৰৰ বহু উদ্যোগে শ্ৰমিকক প্ৰতাৰণা কৰি অহাৰ অভিযোগ উত্থাপন কৰে চিটুৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সম্পাদক অনিল দাসে।






























