Nandini Kashyap Incident:
এজন যুৱকক নিশা গাড়ীৰে খুন্দিয়াই নিহত কৰা গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্রী নন্দিনী কাশ্যপৰ ঘটনাটোক লৈ দালালি কৰাৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা হামিদ নামৰ এজন লোকক আটক কৰে। অভিযোগ অনুসৰি হামিদ দিছপুৰ আৰক্ষী থানাৰ যানবাহন আৰক্ষীৰ এজন দালাল। অভিযোগ অনুসৰি হামিদে নন্দিনীৰ গাড়ীৰ খুন্দাত মৃত্যু হোৱা ছামিউল নামৰ যুৱকজনৰ মোমায়েকক ফোন কৰি ঘটনাটো ৰাজহুৱা নকৰিবলৈ বাৰম্বাৰ সকীয়নি দিছিল। ইয়াৰ বাবে মোমায়েকৰ ঘৰত হোৱা কথা-বতৰা, ৰেকর্ডিং আজি ৰাজহুৱা হৈ পৰে।
ৰেকৰ্ডিঙত ধৰা পৰা তথ্য অনুসৰি ঘটনাটো কিদৰে সংবাদ মাধ্যমৰ হাতত পৰিল তাকে লৈ হামিদে তীব্র আপত্তি দর্শাইছিল। তাৰ বিপৰীতে নিজে যি কৰিব লাগে কৰিব বুলি আশ্বাস দিছিল। আনকি ভাবুকিৰ সুৰত এইদৰে কৈছিল যে বেছি কৰিবলৈ গ’লে ‘শূন্য’ হৈ যাব পাৰে। গতিকে কথাবোৰ বহল নকৰি তেওঁক লগ ধৰিবলৈ মোমায়েকক কৈছিল। এনেদৰে এটা গুৰুতৰ ঘটনাক লৈ দালালী কৰাৰ অভিযোগত আৰক্ষীয়ে হামিদক নিশা আটক কৰে।
ইপিনে, যানবাহন আৰক্ষীয়ে ২৫ জুলাইৰ পুৱতি নিশা সংঘটিত ঘটনাটোৰ বিষয়ে পিছদিনাহে অৱগত হৈছিল বুলি দাবী কৰি আহিছে। ইয়াৰ বিপৰীতে ছামিউলৰ আত্মীয়ই বৃহস্পতিবাৰে দাবী কৰে যে দুৰ্ঘটনাৰ পাছতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছিল। তদুপৰি আজি এই চর্চাও হৈছে যে ছামিউলৰ পৰিয়ালৰ লোকে নন্দিনীৰ বিৰুদ্ধে দাখিল কৰা গোচৰটো উঠাই ল’বলৈ হেঁচা প্রয়োগ কৰিছিল বহুচৰ্চিত ইউএছটিএমৰ স্বত্বাধিকাৰ বিতৰ্কিত মহবুবুল হকে I






























