Actress Nandini Kashyap is ill in Lock-up:
মহানগৰীৰ পাণবজাৰ মহিলা থানাৰ লকআপত বন্দী হৈ থকা নন্দিনী কাশ্যপ সম্প্ৰতি হৈ পৰিছে অসুস্থ ৷ নিয়মীয়াকৈ খাদ্য গ্ৰহণ নকৰাৰ বাবেই অসুস্থ হৈ পৰাৰ সন্দেহ ৷ বুধবাৰে নিশাৰে পৰা থানাতে ল’বলগীয়া হৈছে চেলাইন। বৃহস্পতিবাৰে নন্দিনীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসকৰ দল উপস্থিত হয় পাণবজাৰ মহিলা থানাত ৷
উল্লেখ্য যে,স্বল্পখ্যাত অভিনেত্ৰী নন্দিনী কাশ্যপৰ তীব্ৰবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হৈ এপ’ল হাস্পতালত চিকিৎসাধীন অৱস্থাতে মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰিছিল ছামিউল হক নামৰ ২১বছৰীয়া ছাত্ৰজন ৷ আনহাতে মঙলবাৰেই মাজনিশা দিছপুৰ আৰক্ষীয়ে মান্দাকাটাৰ এটা থিয়েটাৰ গোষ্ঠীৰ আখৰা গৃহৰ পৰা উভতাৰ পথত শৰাইঘাট দলংৰ সমীপত গ্ৰেপ্তাৰ কৰে নন্দিনীক ৷
বুধবাৰে আৰক্ষীয়ে অভিনেত্ৰী গৰাকীক আদালতত হাজিৰ কৰি পাঁচদিনৰ জিন্মাত বিচাৰিছিল যদিও আদালতে দুদিনৰ জিন্মাত দিয়ে ৷ যাৰবাবে বুধবাৰৰ পৰাই পাণবজাৰ মহিলা থানাৰ লকআপৰ আলহী হৈ আছে স্বপ্লখ্যাত অভিনেত্ৰী গৰাকী ৷






























