pakistans khyber pakhtunkhwa :✒️ভয়াৱহ বিস্ফোৰণত কঁপি উঠিল পাকিস্তানৰ খাইবাৰ পখতুনখোৱা। ঘটনাটোত বৰ্তমানলৈকে কমেও পাঁচটা শিশুৰ মৃত্যু হৈছে। আহত হয় আন ১৩ জন। ইয়াৰ আঁৰত কোনো উগ্ৰপন্থী সম্পৰ্ক আছে নে নাই তাৰ তদন্ত চলি আছে।
আৰক্ষী সূত্ৰৰ অনুসৰি,শনিবাৰে স্থানীয় সময় অনুসৰি প্ৰায় ৯:৩০ বজাত খাইবাৰ পখতুনখোৱা প্ৰদেশৰ লক্কি মাৰৱাট জিলাৰ সদৰ থানাৰ সমীপত এদল শিশুৱে খেলা-ধূলা কৰি আছিল।আৰু সেই সময়তে বিস্ফোৰণ সংঘটিত হয়।
আকস্মিক বিস্ফোৰণৰ ফলত কমেও পাঁচটা শিশুৰ মৃত্যু হৈছে। আহতসকলৰ সংখ্যা ১৩ জন।এই তথ্য লাভ কৰাৰ পাছতে আৰক্ষী, বোমা স্কোয়াড আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়।
আহতসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।সম্প্ৰতি তাত আহতসকল চিকিৎসাধীন হৈ আছে। কিন্তু এই বিস্ফোৰণ কোনে সংঘটিত কৰিছে বা ইয়াৰ আঁৰত কোনো উগ্ৰপন্থী সম্পৰ্ক আছে নে নাই তাৰ তদন্ত চলি আছে। সমগ্ৰ ঘটনাক লৈ অঞ্চলটোত আতংক বিয়পি পৰিছে।
চিকিৎসালয়ৰ সূত্ৰ অনুসৰি আহতসকলৰ অধিকাংশই শিশু। তেওঁলোকৰ অৱস্থা সংকটজনক বুলি এজন আৰক্ষী বিষয়াই জাঁইবলৈ দিয়ে ।
