Operation Akhal:✒️’অপাৰেচন মহাদেৱ’ৰ পাছত এইবাৰ ‘অপাৰেচন আখাল’। জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী নিৰ্মূলৰ বাবে ভাৰতীয় সেনাই পূৰ্ণাংগ অভিযান চলাইছে। তথ্য অনুসৰি শনিবাৰে পুৱা ভাৰতীয় সেনাই কুলগামত চলোৱা অভিযানত এজন সন্ত্ৰাসবাদী নিহত হয়।
অৱশ্যে ভাৰতীয় সেনাই এতিয়াও বিস্তৃত অঞ্চলত অনুসন্ধান আৰু সন্ত্ৰাসবাদী বিৰোধী অভিযান চলাই আছে।
সোমবাৰে ‘অপাৰেচন মহাদেৱ’ত ভাৰতীয় সেনাই শ্ৰীনগৰত পহলগাঁও আক্ৰমণৰ লগত জড়িত তিনি জন সন্ত্ৰাসবাদীকে নিহত কৰে। মঙলবাৰে লোকসভাত এই বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক বিবৃতি প্ৰকাশ কৰে।
উল্লেখ্য যে,ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ তৎপৰতাত উগ্ৰপন্থীসকল পলাবলৈ সক্ষম নহ’ল, আৰু পহলগামত পৰ্যটকক হত্যা কৰিবলৈ ব্যৱহাৰ কৰা আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰা হৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংসদত অৱগত কৰে ।
সফল অভিযানৰ মাত্ৰ পাঁচ দিনৰ পাছত ভাৰতীয় সেনাই পুনৰবাৰ উগ্ৰপন্থীক দমন কৰাত সক্ৰিয় হৈ পৰিছে। চোৰাংচোৱা সূত্ৰই জনাইছে যে উগ্ৰপন্থীসকলে বনাঞ্চলত আত্মগোপন কৰি আছে।
সেই তথ্যৰ ভিত্তিত শুকুৰবাৰে আৰম্ভ কৰা হয় অপাৰেচন আখাল।সেনাৰ অনুসন্ধান অনুভৱ কৰি উগ্ৰপন্থীয়ে গুলীচালনা আৰম্ভ কৰে।
ইয়াৰ পাছতে সেনাইও প্ৰতিশোধ ল’বলৈ বাধ্য হয়। ফলত এজন উগ্ৰপন্থী নিহত হয়। অৱশ্যে কুলগামৰ এক বৃহৎ অঞ্চলত সেনাই এতিয়াও তালাচী চলাই আছে, কিয়নো অঞ্চলটোত কেবাজনো উগ্ৰপন্থীয়ে আত্মগোপন কৰি থকা বুলি জানিব পৰা গৈছে।
