✒️মেঘ বা ডাৱৰৰ ঘৰতে নাই বৰষুণ! মেঘৰ ঘৰৰূপে খ্যাত মেঘালয়ত চলিত বর্ষাকালত অবিশ্বাস্য ধৰণে হ্রাস পাইছে বৰষুণৰ পৰিমাণ। একাংশ বিজ্ঞানীৰ এক অধ্যয়ন মতে এইবাৰৰ বাৰিষাত পাহাৰীয়া ৰাজ্যখনত স্বাভাৱিকতকৈ ৫৬ শতাংশ বৰষুণ হ্রাস পাইছে।
অর্থাৎ চলিত সময়ছোৱাত মেঘালয়ত বৰষুণৰ ঘাটি ৫৬ শতাংশ হৈছে। অথচ মেঘালয়তে পৃথিৱীৰে সৰ্বাধিক বৰষুণ হোৱা মৌচিনৰাম আৰু চেৰাপুঞ্জী অৱস্থিত। উল্লেখ্য যে দেশৰ বিভিন্ন ৰাজ্যৰ দৰে মেঘালয়ৰো ৮৩ শতাংশ লোকেই কৃষিকৰ্মৰ বাবে বৰষুণৰ ওপৰত নিৰ্ভৰশীল।
অৱশ্যে ৰাজ্যখনৰ মুঠ ভূমিৰ ৪৮ শতাংশহে কৃষিকৰ্ম কৰা হয়। এইবাৰ ৰাজ্যখনত পৰিস্থিতি এনে হৈছে যে মেঘালয় শব্দটোৰ অর্থই একপ্ৰকাৰ নোহোৱা হৈছে। বৰষুণৰ এই উদ্বেগজনক ঘাটিয়ে ৰাজ্যখনৰ বৃহৎ সংখ্যক লোকৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাই নহয়, বহু স্থানত জলসংকটৰো সৃষ্টি হৈছে।
বিশেষজ্ঞসকলৰ মতে, এইবাৰ ৰাজ্যখনত মৌচুমী প্ৰৱাহৰ সময়তো মেঘালয়ত বৰষুণৰ প্ৰচুৰ ঘাটি দেখা গ’ল। আনকি ৰাজ্যখনৰ এই বৰষুণৰ ঘাটি দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত সৰ্বাধিক। বৰষুণৰ এই ঘাটিৰ পৰিমাণ ৫৬ শতাংশ।
আনকি এইবাৰ ঝাৰখণ্ডৰ দৰে ৰাজ্যতকৈও মেঘালয়ত কম পৰিমাণৰ বৰষুণ হৈছে। ইয়াৰ বিপৰীতে এইবাৰ গোৱাত মেঘালয়তকৈ অধিক বৰষুণ হৈছে। এনেদৰে পাহাৰীয়া ৰাজ্যখনে বৰষুণৰ অভাৱত ভোগাৰ কাৰণ জলবায়ু পৰিৱৰ্তন, নিৰ্বনানীকৰণ আদি বুলি চিহ্নিত হৈছে। এইবাৰ ৰাজ্যখনৰ দক্ষিণ-পশ্চিম খাচি পাহাৰত সৰ্বাধিক বৰষুণ হয়।
অৱশ্যে পূর্বে পশ্চিম খাচি পাহাৰ আৰু জয়ন্তীয়া পাহাৰ অঞ্চলক ৰাজ্যখনৰ ভিতৰতে সবাতোকৈ সিক্ত অঞ্চলৰূপে চিহ্নিত কৰা হৈছিল। লক্ষ্যণীয়ভাৱে কেৱল মেঘালয়তে নহয়, এইবাৰ অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যতো বৰষুণৰ পৰিমাণ উদ্বেগজনক হাৰত হ্রাস পাইছে।
দুই পাহাৰীয়া ৰাজ্য অৰুণাচল প্রদেশ আৰু হিমাচল প্ৰদেশতো বৰষুণৰ ঘাটি উদ্বেগজনক। একেদৰে নগালেণ্ড, পশ্চিমবংগ, বিহাৰ আৰু উত্তৰ প্রদেশতো বৰষুণ হ্রাস পাবলৈ ধৰিছে। কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে ১৯৮৯ৰ পৰা ২০১৮ৰ বৰষুণৰ তথ্য বিশ্লেষণ কৰি পাইছে যে এই সময়ছোৱাত পাঁচখন ৰাজ্যত ক্রমাগতভাৱে বৰষুণৰ পৰিমাণ হ্রাস পায়। এই পাঁচ ৰাজ্যৰ অন্যতম হ’ল মেঘালয়।
আনকেইখন ৰাজ্য হ’ল নগালেণ্ড, পশ্চিমবংগ, বিহাৰ আৰু উত্তৰ প্রদেশ। এই পাঁচ ৰাজ্যৰ দৰে অৰুণাচল প্রদেশ আৰু হিমাচল প্ৰদেশতো বৰষুণৰ পৰিমাণ ক্রমাগতভাবে হ্রাস পায়। আনহাতে, ১৮৭২ৰ পৰা ২০০৭ৰ মাজৰ ১৩৫ বছৰত চেৰাপুঞ্জীত বৰষুণৰ পৰিমাণ ক্ৰমাগতভাৱে হ্রাস পোৱাৰ তথ্য এক বিশ্লেষণত উদ্ধাৰ হৈছে।
উল্লেখ্য যে বর্তমানে চেৰাপুঞ্জী বিশ্বৰে দ্বিতীয় সবাতোকৈ অধিক বৰষুণ হোৱা স্থান। তৎসত্ত্বেও বছৰটোৰ ১২ মাহৰ ভিতৰত ফেব্ৰুৱাৰী, মার্চ, এপ্রিল, জুন, আগষ্ট আৰু ছেপ্টেম্বৰত অঞ্চলটোত উক্ত ১৩৫ বছৰত বৰষুণৰ পৰিমাণ হ্রাস পোৱা দেখা গৈছে।
২০২১ৰ ফেব্ৰুৱাৰীৰ সংখ্যাত জার্ণেল অব এপ্লাইড এণ্ড নেচাৰেল ছায়েন্স পত্রিকাত প্রকাশিত এক গৱেষণাপত্ৰত এই কথা আলোচিত হৈছে। এই গৱেষণাপত্ৰ হ’ল কটন বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ সুৰভি ডেকাৰ। অৱশ্যে বৰষুণৰ ঘাটি হ’লেও বর্তমানেও উত্তৰ-পূবৰ ভিতৰতে সর্বাধিক বৰষুণ হোৱা ৰাজ্যৰ স্বীকৃতি মেঘালয়ে অটুট ৰাখিছে।
আনহাতে, জাৰ্ণেল অব দ্য ইণ্ডিয়ান ছ’চাইটি অৱ ৰিম’ট ছেন্সিঙে একোটা দশকত মেঘালয়ৰ বৰষুণৰ পৰিমাণক লৈ মানক বৰষুণ সূচাংক (এছপিআই)ৰ প্ৰকাশ কৰিছে। স্বাভাৱিক বৰষুণ, অধিক বৰষুণ, বৰষুণৰ ঘাটি এছপিআইৰ ভিত্তিত এনেদৰে কৰা হয়ঃ এছপিআইৰ মূল্যমান দুইতকৈ অধিক হ’লে অতিমাত্ৰা বৰষুণ, ১.৫০ৰ পৰা ১.৯৯ৰ মাজত অত্যধিক বৰষুণ, ১.০০ৰ পৰা ১.৪৯ হ’লে মধ্যমীয়া বৰষুণ, শূন্যৰ তলৰ ০.৯৯ৰ পৰা শূন্যৰ ওপৰৰ ০.৯৯ৰ মাজত হ’লে স্বাভাৱিক বৰষুণ হয়।
আনহাতে, শূন্যৰ তলত ১.০০ৰ পৰা ১.৪৯ হ’লে মধ্যমীয়াভাৱে শুষ্ক পৰিৱেশ আৰু শূন্যৰ তলত ১.৫০ৰ পৰা শূন্যৰ তলত ১.৯৯ হ’লে অতিশয় শুকান পৰিৱেশ হয়। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি চলিত বৰ্ষৰ পহিলা জুনৰ পৰা ২৮ জুলাইৰ ভিতৰত মেঘালয়ত ৬৯০.৭মিলিমিটাৰ বৰষুণ হয়।
অথচ ৰাজ্যখনত স্বাভাৱিক বৰষুণৰ পৰিমাণ ১,৫৫৫.৪ মিলিমিটাৰ। অবিশ্বাস্যভাৱে ঝাৰখণ্ডত এই সময়ছোৱাত ৭৩২.৬ মিলিমিটাৰ বৰষুণ হয়। অথচ ৰাজ্যখনত স্বাভাৱিক বৰষুণৰ পৰিমাণ ৪৭৮.৩ মিলিমিটাৰহে। অর্থাৎ ঝাৰখণ্ডত স্বাভাৱিকতকৈ ৫৩ শতাংশ অধিক বৰষুণ হৈছে।
একেদৰে ৰাজস্থান আৰু শুষ্ক পৰিৱেশৰ মধ্য প্ৰদেশতো প্ৰচুৰ বৰষুণ হৈছে। একাংশ বিশেষজ্ঞৰ মতে মেঘালয়ত বৰষুণৰ পৰিমাণ হ্ৰাসৰ ধাৰা বহু বছৰ পূৰ্বে আৰম্ভ হয়। মানক বৰষুণ সূচাংক প্রস্তুত কৰাৰ এক নিয়ম আছে।
এক নির্দিষ্ট সময়ত এডোখৰ নিৰ্দিষ্ট স্থানত হোৱা বৰষুণৰ তাৰতম্য পৰ্যবেক্ষণ কৰি এই সূচাংক প্ৰস্তুত কৰা হয়।






























