Accident:✒️উত্তৰ প্ৰদেশৰ গোণ্ডাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই পৰ্যন্ত ১১ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে সাতজন শিশু। দেওবাৰে পুৱা মন্দিৰত পূজা গৈছিল কেবাজনো ভক্ত।
গোণ্ডাৰ ইতিয়াথক অঞ্চলত এটা খালত বাগৰি পৰে তীৰ্থযাত্ৰীৰ গাড়ী। সেই সময়ত বৰষুণৰ বাবে খালটোৰ পানী বাঢ়ি আছিল। ফলত তেওঁলোক ওলাই আহিব নোৱাৰিলে। পানীত পৰাৰ ফলত থিতাতে ১১ জন লোকৰ মৃত্যু হয়।
ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল। সংকটজনক অৱস্থাত চাৰিজন লোকক উদ্ধাৰ কৰা হয়।
এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।স্থানীয় সূত্ৰৰ অনুসৰি, মতিগঞ্জ থানা এলেকাৰ ছিহাগাঁৱৰ নিবাসী প্ৰহ্লাদ গুপ্তাই পৰিয়ালৰ লোকৰ স’তে পৃথ্বিনাথ মন্দিৰলৈ গৈছিল।
বাটতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। মৃতকৰ তালিকাত মহিলা আৰু শিশুৰ নামও সন্নিবিষ্ট আছে।
ঘটনাটোক লৈ শোক প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে,’গণ্ডাত যি ঘটিল সেয়া অতি হৃদয়বিদাৰক। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো ।ততাতৈয়াকৈ আহতসকলক চিকিৎসালয়লৈ নিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে।’ লগতে মৃতকৰ পৰিয়াললৈ পাঁচ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথাও ঘোষণা কৰে।






























