Arrested munnabhai MBBS:
কাছাৰত সংগোপনে চিকিৎসা সেৱা আগবঢ়াই থকা এজন মুন্নাভাই এমবিবিএছ অৱশেষত পৰিল আৰক্ষী জালত ৷ আটকাধীন ভুৱা চিকিৎসকজনৰ নাম পুলক মালাকাৰ। স্ত্রীৰোগ বিশেষজ্ঞ হিচাপে নিজকে চিনাকি দিয়া বদৰপুৰঘাটৰ মালাকাৰে দীৰ্ঘদিন ধৰি অব্যাহত ৰাখিছিল চিকিৎসা সেৱা ৷
কিন্ত এশ গৰু মাৰিলে,বাঘৰো মৰণ লেখিয়া স্বয়ম্ভু চিকিৎসক জনক গৰ্ভৱতী মহিলাৰ অস্ত্রোপচাৰৰ কৰি থকা সময়তে শিলচৰ আৰক্ষীয়ে হাতেলোত গ্ৰেপ্তাৰ কৰে ৷ আটকাধীন ভুৱা চিকিৎসাজনক ইতিমধ্যে আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা চলাইছে ।
