Bijni: ✒️বিজেপিৰ বিজয় সংকল্প যাত্ৰাৰ অংশস্বৰূপে মঙলবাৰে চিৰাং জিলাৰ বিজনীত দুখনকৈ সভাত অংশগ্ৰহন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত ছুভাইজাৰ আৰু থুৰিবাৰী সমষ্টি মিলি বিজনীৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত প্ৰথমখন বিজয় সংকল্প সভাত অংশগ্ৰহন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
ইতিমধ্যে বিটিআৰৰ তিনখনকৈ জিলাত বিজয় সংকল্প সভাত অংশগ্ৰহন কৰি ৰাইজৰ পৰা পোৱা সঁহাৰিৰ ওপৰত ভিত্তি কৰি এইবাৰ বিটিআৰ নিৰ্বাচনত বিজেপিয়ে আটাইতকৈ বেছি চিট পাব বুলি ভাষণত উল্লেখ কৰে।এই প্ৰসংগত তেওঁ কয় যে আগতে বিটিচিত ভোট দিয়াৰ পৰিৱেশ নাছিল, বন্দুক দেখুৱাই ভোট লৈছিল।
এতিয়া গণতান্ত্ৰিক পৰিৱেশ ঘুৰি আহিছে, শান্তিৰ পৰিৱেশ ঘুৰি আহিছে। এতিয়া হাতযোৰ কৰি ভোট খোজাৰ পৰিৱেশ হৈছে।যোৱা পাঁচ বছৰত এটাও গুলী ফুটা নাই, এজনো মানুহ হত্যা হোৱা নাই, কাৰো ঘৰ জ্বলোৱা নাই।দেশত মোদী চৰকাৰ নাহিলে এনেকুৱা পৰিৱেশ নাপালো হৈ।জংঘলত থকা মানুহক ঘুৰাই আনিলো, অস্ত্ৰ-শস্ত্ৰ ঘুৰাই আছিলো।বিজেপি দল নাথাকিলে এই কাম কোনেও কৰিব নোৱাৰিলে হেঁতেন।
তেওঁ লগতে কয় যে, বিটিআৰত আমাৰ আঁচনি আমিয়েই দিব নোৱাৰোঁ, বিটিআৰ চৰকাৰক অনুৰোধ কৰি ৰাইজৰ কাম কৰিব লাগে। প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া টকা, অসম চৰকাৰে দিয়া টকা কিন্তু আঁচনি দিবৰ বাবেও অনুৰোধ কৰিব লাগে। বিজেপিৰ চৰকাৰ হ’লে আমি বিটিআৰতো পৰিৱৰ্তন আনিব পাৰিম।বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ মানুহ নাথাকিব।সকলো ৰাইজে ভাবিব লাগিব মই প্ৰথম শ্ৰেণীৰ মানুহ।সকলো প্ৰথম শ্ৰেণীৰ মানুহ হিচাপে স্বীকৃতি পাব লাগিব।বিটিআৰত বসবাস কৰা ২৬ টা জনগোষ্ঠীৰ সকলোৱে মাটিৰ অধিকাৰ পাব লাগিব।বিটিআৰত যদি আমি এবাৰ প্ৰতিষ্ঠা হ’ব পাৰোঁ মাটিৰ সমস্যা নাথাকিব, সকলো জাতি জনগোষ্ঠীয়ে তেতিয়া সমান অধিকাৰ পাব।আগন্তুক বিটিআৰ নিৰ্বাচন সন্দৰ্ভত বিজেপিয়ে এইবাৰ জিকিবৰ বাবে ইলেকছন খেলিব বুলি কয়। তেওঁ কয় যে বিপিএফো আমাৰ শত্ৰু নহয়, ইউপিপিএলো শত্ৰু নহয়।ইউপিপিএল আৰু বিপিএফ বিটিআৰত থাকে। কিন্তু বিজেপি কোকৰাঝাৰ, দিছপুৰ আৰু দিল্লীত থাকিব।বিপিএফ বা ইউপিপিএলৰ লগত মিত্ৰতা কৰিলে আমি জিকিলো হেঁতেন কিন্তু ৰাইজৰ সুবিধা কৰিব নোৱাৰিলোঁ হেঁতেন।আমাক সহজ ৰাস্তা নালাগে। সেয়েহে ৰাইজৰ কাৰণে আমি অকলে নিৰ্বাচন খেলিম। এইবাৰ বিটিআৰত বিজেপিয়ে সৰ্বোচ্চ চিট পালে ৰাইজৰ দুখ দূৰ হ’ব।ডেৰলাখ ল’ৰাক চাকৰি দিলোঁ, টকা লোৱা বুলি কোনেও কব নোৱাৰে।কোকৰাঝাৰৰ চাকৰি নিকা হ’ব লাগিব।কাকো হাত নপতাকৈ দুখীয়া ল’ৰাই চাকৰি পাব লাগিব।আনহাতে বিটিআৰত বিপিএফ আৰু ইউপিপিএলৰ মাজত মিত্ৰতা হলে বিজেপিয়ে আদৰণি জনাব বুলি কয়।অগপই বিটিআৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা সংক্ৰান্তত এজিপিয়ে নিজক জিকাৰ বাবে নিৰ্বাচনত উঠক, বিজেপিক হৰুৱাবৰ বাবে ইলেকছনত উঠিব নালাগে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।যদি বিজেপিক হৰুৱাবলৈ খেলে সেইটো বেয়া কথা হ’ব।
ইফালে কেইটা সমষ্টিত প্ৰাৰ্থীত্ব দিব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত অহা ২০ আগষ্টৰ পিছত বিজেপিয়ে কেইটা সমষ্টিত খেলিব থিৰাং কৰিব বুলি উত্তৰ দিয়ে মুখ্যমন্ত্ৰী ড° শৰ্মাই। ইয়াৰ পৰৱৰ্তী পাণবাৰী ছোৱালী হাইস্কুল খেলপথাৰত মানাছ ছেৰফাং বিজেপি মণ্ডলৰ উদ্যোগত অনুষ্ঠিত বিজয় সংকল্প সভাত অংশগ্ৰহন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উক্ত সভাত অংশগ্ৰহন কৰি মানাহ ছেৰফাং সমষ্টিৰ অন্তৰ্গত বিভিন্ন এলেকাত হস্তী-মানুহৰ সংঘাতৰ কৰা উল্লেখ কৰি সমাধান কৰাৰ আস্বাস দিয়াৰ লগতে পাণবাৰীত মডেল হস্পিতাল নিৰ্মাণৰ বাবে ৰাইজৰ পৰা অনুৰোধ পোৱা বুলি উল্লেখ কৰে।
ভাষণত মানাছ ছেৰফাং সমষ্টিৰ বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰি বিটিআৰত বিজেপি চৰকাৰ আহিলে সমস্যা সমূহ সমাধান কৰাৰ লগতে মানাছ ছেৰফাং সমষ্টিত বিজেপিয়ে টিকট দিয়াতো নিশ্চিত বুলি উল্লেখ কৰি মানাছ ছেৰফাং সমষ্টিত জিকিবৰ বাবে খেলিব বুলি কয়।আজিৰ দুয়োটা কাৰ্যসূচীত মুখ্যমন্ত্ৰী শৰ্মাৰ উপৰিও অসম প্ৰদেশ বিজেপিৰ প্ৰণালী হৰিশ ত্ৰিবেদী, কেবিনেট মন্ত্ৰী কৌশিক ৰায়, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসসহ কেবাগৰাকীও নেতা, বিধায়ক, পাৰিষদ অংশগ্ৰহণ কৰে।






























