ভাৰতত নহয়, এইবাৰ লণ্ডনৰ ৰাজপথ লেতেৰা কৰিছে পান-গুটখাৰ পিকে !

images 22

Paan stains:✒️পাণ-তামোল আৰু গুটখা খাই য’তে ত’তে পিক পেলোৱাটো ভাৰতীয়ৰ বাবে তেনেই সাধাৰণ কথা। কিন্তু পাণ-গুটখাৰ পিকে লণ্ডনৰ স্বচ্ছতাকো প্ৰভাৱিত কৰিলে।

সামাজিক মাধ্যমত সম্প্রতি এক ভিডিঅ’ ভাইৰেল হৈছে। উক্ত ভিডিঅ’ত লণ্ডনৰ একাংশ অঞ্চলত পাণ-গুটখাৰ পিকে লেতেৰা কৰাৰ দৃশ্য আবদ্ধ হৈছে।

ব্রিটেইনৰ ৰাজধানী চহৰখনৰ ৰায়নৰ্ছ লেনৰ নৰ্থ হেৰ লৈকে পথৰ দাঁতিত একাংশ লোকে পাণ-গুটখা খাই পিক পেলাই লেতেৰা কৰাৰ অভিযোগ উঠিছে।

উক্ত পথত থকা একাংশ ডাষ্টবিনতো পিকৰ দাগ সুস্পষ্ট হৈছে। উক্ত অঞ্চলৰ বাসিন্দাই অভিযোগ কৰা অনুসৰি, দিনকদিনে পাণ আৰু গুটখা খোৱা লোকে এই অঞ্চলৰ য’তে ত’তে পিক পেলাই লেতেৰা কৰিছে।

বিশেষকৈ পাণ আৰু ধপাতজাতীয় সামগ্রী বিক্ৰী কৰা দোকানৰ আশে-পাশে পিকৰ দাগ অধিক প্রত্যক্ষ হৈছে। এইদৰে পথ আৰু ডাষ্টবিন পিকৰে লেতেৰা কৰা লোকৰ সৰহসংখ্যক ভাৰতীয় মূলৰ বুলিও অভিযোগ উঠিছে।

Exit mobile version