Kaki Namghar: কাকীত ধৰ্মীয় গৃহত ধাৰাবাহিক চুৰি কাণ্ড

NAMGHAR

Kaki Namghar:

কাকীত ধৰ্মীয় গৃহত ধাৰাবাহিক চুৰি কাণ্ড। যোৱা নিশা কাকী নিজৰাপাৰ নামঘৰত চোৰে চলাই পুনৰ চাফাই অভিযান। মণিকূটৰ খিৰিকী ভাঙি চুৰে চলাই লুটপাত। আজি পুৱা ৯‌ মান বজাত নামঘৰীয়াই বন্তি প্ৰজ্বলনৰ বাবে আহি প্ৰত্যক্ষ কৰে এই চুৰিকাণ্ডৰ ঘটনা। চোৰে লুটি নিয়ে বৰঙনিৰ ধন সহ কাহ পিতলৰ সা- সামগ্ৰী।

উল্লেখ্য যে, বিগত এসপ্তাহধৰি কাকীৰ কেইবাটাও নামঘৰ, মন্দিৰত চোৰে লুটপাট চলাই এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে।

Exit mobile version