Lok Kalyan Diwas:
আজি ৰাজ্যৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী লোকপ্রিয় গোপীনাথ বৰদলৈৰ স্মৃতি দিৱস। ৰাজ্য চৰকাৰে প্ৰতিবৰ্ষত ভাৰত ৰত্ন গৰাকীৰ স্মৃতিত পালন কৰি আহিছে কল্যাণ দিৱস ।
মঙলবাৰে কল্যাণ দিৱস উপলক্ষে মহানগৰীৰ শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হয় শ্রদ্ধাঞ্জলি অনুষ্ঠান। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি ৰাজ্য সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰনজিৎ কুমাৰ দাস সহ ৰাজ্য প্ৰশাসনৰ শীৰ্ষ বিষয়াই ভাৰত ৰত্নগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ৷
ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে অসম সচিবালয় আৰু জিলা সমূহৰ প্রশাসন ব্যৱস্থাত দেখুওৱা বিশেষ পাৰদৰ্শিতাৰ বাবে বহু কেইগৰাকী বিষয়া- কৰ্মচাৰীক প্ৰদান কৰে লোকসেৱা বঁটা আৰু মুখ্যমন্ত্ৰীৰ কৰ্মশ্রী বঁটা ৷ মুখ্যমন্ত্ৰীৰ কৰ্মশ্রী বঁটা লাভ কৰে বিত্ত বিভাগৰ আয়ুক্ত- সচিব বীৰেন্দ্ৰ মিট্টাল,কৰ্মচাৰী বিভাগৰ আয়ুক্ত- সচিব মনিভন্নন আৰু সাধাৰণ প্ৰশাসন বিভাগৰ যুটীয়া সচিব প্ৰীতি কুমাৰীয়ে ৷
উল্লেখ্য যে,জ্যেষ্ঠ আইএএছ বিষয়া তিনিও গৰাকীয়ে স্বাগত সতীৰ্থ পাৰস্পৰিক বদলিকৰণ প’ৰ্টেলত বিশেষ দক্ষতা দেখুৱাৰে বাবে লাভ কৰে মুখ্যমন্ত্ৰীৰ কৰ্মশ্রী বঁটা ৷
লোকপ্রিয় গোপীনাথ বৰদলৈৰ গাম্ভীৰ্যপূৰ্ণ শ্রদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে লোকপ্ৰিয়ৰ সুযোগ্য পু্ত্ৰ বলীন বৰদলৈ ,মন্ত্ৰী নন্দিতা গাৰ্লোচা, মুখ্যসচিব ড:ৰবি কোটা, আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত- সচিব বৰ্নালী ডেকা সহ শীৰ্ষ আমোলা ৷






























