ADVERTISEMENT
Tinsukia:
পুৱাই তিনিচুকীয়াত ১০ গৰাকীকৈ সন্দেহজনক লোকক আৱদ্ধ কৰে আটাছুৱে ৷ আটাছুৰ সভাপতি মিলন বুঢ়াগোঁহাইৰ নেতৃত্বত আৱদ্ধ কৰা সন্দেহজনক লোকক দলটোৱে মানকাছাৰৰ পৰা তিনিচুকীয়াৰ মাজেৰে অৰুণাচল প্ৰদেশলৈ কামৰ সূত্ৰে যোৱা বুলি উল্লেখ ৷ আৱদ্ধ কৰা ৰখা দলটোৰ একাংশই নাজানে নিজে পঢ়া বিদ্যালয়ৰ নাম, নাজানে নিজৰ সমষ্টিৰ নাম।
এনেধৰণৰ বাংলাদেশী মূলৰ লোকক উজনি অসমত কামৰ জৰিয়তে আহি জনসংখ্যা বৃদ্ধি কৰিবলৈ দিয়া নহ’ব বুলি আটাছুৱে সকীয়নি প্ৰদান কৰি লোককেইজনক উভতাই পঠোৱা হ’ব বুলি সদৰি কৰে। পৰৱৰ্তী সময়ত যদি পুনৰ আহিবলৈ চেষ্টা কৰে তাৰ কিন্তু পৰিণাম ভয়ংকৰ হোৱাৰ হুংকাৰ প্ৰদান কৰে সভাপতি মিলন বুঢ়াগোহাঁইয়ে ।






























