Japan’s Oldest Person:✒️তেওঁৰ বয়স ‘মাত্র’ ১১৪ বছৰ। এই মুহূর্তত তেওঁ জাপানৰ সবাতোকৈ বয়স্ক ব্যক্তি। তেওঁ ২০২১ৰ অলিম্পিকৰ শিখা দৌৰতো অংশ লৈছিল। সম্প্রতি শতায়ু গৰকা মহিলা ছিগেকো কাগাওৱাই জনালে তেওঁৰ দীর্ঘায়ু হোৱাৰ ৰহস্য। ৮৬ বছৰ বয়স পর্যন্ত তেওঁ প্রসূতি বিশেষজ্ঞ আৰু স্ত্রীৰোগ বিশেষজ্ঞৰূপে কাম কৰিছিল।
এতিয়াও দৈনিক সংবাদপত্ৰ ভালদৰে পড়ে। অৱশ্যে সেই সময়ত তেওঁ চশমা পৰিধান কৰে।জাপানৰ মানুহ সাধাৰণতে দীর্ঘায়ু হয়। সেই সকলোবোৰ দীর্ঘায়ু মানুহৰ এক অনন্য প্রতিনিধি কাগাওৱা।
জাপানত সবাতোকৈ বেছি দিন জীয়াই থকাৰ অভিলেখ আছিল মিয়োকো হিৰোয়াছুৰ। তেওঁৰ প্রয়াণৰ পাছৰে পৰাই কাগাওৱাই হৈ পৰে সেই দেশৰ সবাতোকৈ আয়ুসম্পন্ন ব্যক্তি। সম্প্রতি তেওঁ কিদৰে দীর্ঘায়ু হ’ল বুলি এক প্রশ্ন সোধা হৈছিল।
ইয়াৰ উত্তৰত কাগাওৱাই কয়, ‘মই যেতিয়া চিকিৎসক আছিলো, তেতিয়াতো ইমান গাড়ী-চাড়ী নাছিল। খোজকাঢ়িয়েই ইফালৰ পৰা সিফাললৈ যাবলগীয়া হৈছিল। সেই কাৰণেই হয়তো ইমান শক্তিশালী আৰু সুস্থ হৈ থাকিব পাৰিছো। মোৰ শক্তিয়েই মোৰ সবাতোকৈ ডাঙৰ সম্পদ। মই যলৈ ইচ্ছা গৈছিলো, যি ইচ্ছা খাইছো, যি ইচ্ছা কৰিছো, সদায় স্বাধীন হৈ কটাইছো।’
অৱশ্যে শতায়ু গৰকা বৃদ্ধাই জনাইছে যে তেওঁৰ জীৱন-যাপনৰ এটা ৰুটিন আছিল। দিনে তিনিবাৰ নিৰ্দিষ্ট সময়ৰ ব্যৱধানত আহাৰ গ্ৰহণ কৰিছিল। ঠিক সময়ত শুবলৈ গৈছিল আৰু নির্দিষ্ট সময়তে বিছনা ত্যাগ কৰিছিল। ফলত যি ইচ্ছা কৰি ফুৰিলেও এটা ছন্দোবদ্ধ জীৱন আছিল তেওঁৰ। সেই কাৰণেই হয়তো তেওঁ দীর্ঘায়ু হ’ব পাৰিছে বুলি বহুতে ধাৰণা কৰে।
উল্লেখ্য যে কাগাওৱাৰ পূৰ্বে জাপানৰ সকলোতকৈ বর্ষীয়ান ব্যক্তি আছিল হিৰোয়াছু। তেৱোঁ জনাইছিল যে স্বতঃস্ফূর্ত জীৱন যাপন কৰি যোৱাটোৱেই তেওঁ দীর্ঘ জীৱন প্রদান কৰিছে। মৃত্যু পর্যন্ত তেওঁ কাকত পঢ়িছিল, ছবি আঁকিছিল, তাচ খেলিছিল।
অর্থাৎ প্রাণভৰি জীৱনটোক উপভোগ কৰিছিল। সেইবাবেই হয়তো এইদৰে জীয়াই থকাটোৱে তেওঁ দীর্ঘ জীৱন প্রদান কৰিছিল। যিটো ঘটিছিল কাগাওৱাৰ ক্ষেত্রতো।






























