Arms-Ammunation Licence:অসম চৰকাৰে মুকলি কৰিলে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান আঁচনি

কোন কোন লোকে লাভ কৰিব এই আঁচনি, সদৰি মুখ্যমন্ত্ৰীৰ

arms

Arms-Ammunation Licence:

ৰাজ্য চৰকাৰে সকলো জল্পনা কল্পনাৰ অন্ত পেলাই আজি মুকলি কৰিলে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান আঁচনি ৷ এই কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কয় , এই আঁচনি লাভ কৰিবলৈ আগ্ৰহী জন হ’ব লাগিব অসমৰ মূল বাসিন্দা বা খিলঞ্জীয়া ভাৰতীয় নাগৰিক ৷

আবেদনকাৰীজনে বাস কৰা অঞ্চলত জীৱনৰ সুৰক্ষাৰ প্ৰতি ভাবুকি অনুভৱ কৰিব লাগিব ৷ জিলা প্রশাসন বা স্বীকৃত সুৰক্ষা সংস্থাৰ মূল্যায়নৰ আধাৰত স্পৰ্শকাতৰ অঞ্চলত বাস কৰা হ’ব লাগিব ৷

অস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাভৰ বাবে বিশেষ প’ৰ্টেল আৰম্ভ কৰিব ৰাজ্য চৰকাৰে ৷ এই প’ৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব সংশ্লিষ্ট আবেদনকাৰীজনে ৷

Exit mobile version