Murder:✒️প্রতিষ্ঠিত ব্যৱসায়ী তথা ডিব্ৰুগড়ৰ বৰবৰুৱাৰ লাহনগাঁৱৰ নিবাসী উত্তম গগৈ ওৰফে চেংকাই হত্যাৰ তদন্তত আৰক্ষীয়ে ন ন তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। অভিযোগ অনুসৰি ব্যৱসায়ীজনক তেওঁৰ পত্নী ববী সোণোৱাল গগৈ আৰু নাবালিকা কন্যাই ১০ লাখ টকাৰ বিনিময়ত দুজন ভাৰাতীয়া ঘাতকৰ দ্বাৰা হত্যা কৰোৱায়।
পত্নীৰ পৰকীয়া প্ৰেম আৰু নাবালিকা কন্যাৰ প্ৰেমত বাধা হৈ থিয় দিয়াৰ ক্ষোভত ব্যৱসায়ীজনক তেওঁলোকে হত্যা কৰোৱা বুলি জেৰাত প্ৰকাশ কৰিছে। ইতিমধ্যে চাৰিওজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ঘাতকদ্বয়ৰ এজন নাবালক।
সূত্রই জনোৱা মতে আৰক্ষীৰ জেৰাত জঘন্য অপৰাধটোৰ অভিযুক্তই লোমহর্ষক তথ্য প্রকাশ কৰিছে। শেহতীয়াভাৱে অভিযুক্তই প্রকাশ কৰা অনুসৰি ধৃত চাৰি অভিযুক্তই ব্যৱসায়ীজনক হত্যাৰ একাধিক পৰিকল্পনা প্রস্তুত কৰে।
প্ৰথম পৰিকল্পনা (প্লেন এ)ত সফল নহ’লে তেওঁলোকে দ্বিতীয় এক পৰিকল্পনা প্রস্তুত কৰি ৰাখে। এই দ্বিতীয় পৰিকল্পনা অনুসৰি অভিযুক্তই ছজাঁই গুলিসহ এটা নাইন এম এম পিষ্টল ক্রয় কৰে। ভাৰাতীয়া ঘাতক দ্বীপজ্যোতি বুঢ়াগোহাঁয়ে জেৰাত এই তথ্য প্রকাশ কৰিছে।
তেওঁ প্রকাশ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে বৰবৰুৱাৰ ঘৰ্ঘৰা চিনা টুকুৰা গাঁৱৰ পৰা নাইন এম এম পিষ্টলৰ চাৰি জাঁই গুলি উদ্ধাৰ কৰিছে। এটা গুলি তেওঁ আৰু তেওঁৰ সহযোগী নাবালক ঘাতকজনে বগীবিলত ফুটায়। অৱশ্যে আনটো গুলি আৰু নাইন এমএম পিষ্টলটো আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
এই গুলি আৰু পিষ্টল উদ্ধাৰৰ বাবে আৰক্ষীয়ে চেষ্টা অব্যাহত ৰখা বুলি সূত্রই জানিবলৈ দিছে। অৱশ্যে অভিযুক্তই ক’ৰ পৰা গুলিসহ পিষ্টলটো ক্রয় কৰে সেই তথ্য পোহৰলৈ অহা নাই। আনহাতে, মঙলবাৰে ব্যৱসায়ী গগৈ হত্যাত ব্যৱহৃত অস্ত্ৰৰ লগতে হেণ্ড গ্ল’ভছ আৰু এযোৰ চেণ্ডেল তদন্তকাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে।
এই সকলো সামগ্ৰী আৰক্ষীয়ে ফৰেনচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা বুলি সূত্রই জনায়। ইপিনে, কাইলৈ দুই অভিযুক্ত ক্রমে ববী সোণোৱাল আৰু দ্বীপজ্যোতিৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰিব। তেওঁলোকক কাইলৈ আদালতত পুনৰ হাজিৰ কৰোৱাৰ পূৰ্বে হত্যাকাণ্ডটোৰ নাট্যৰূপ আৰক্ষীয়ে মনস্থ কৰোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে হত্যাকাণ্ডটোৰ আন দুই অভিযুক্ত ক্রমে গগৈৰ নাবালক কন্যা আৰু নাবালক ঘাতকজনক যোৰহাটৰ সংশোধন গৃহলৈ প্ৰেৰণ কৰা হৈছে। কাইলৈ অপৰাধৰ নাট্যৰূপ মঞ্চস্থ কৰাৰ সময়ত তেওঁলোকক যোৰহাটৰ পৰা আৰক্ষীয়ে অনাৰ সম্ভাৱনা ব্যক্ত কৰিছে সূত্রই।
সূত্রই জনোৱা মতে, জেৰাত ববী আৰু দ্বীপজ্যোতিয়ে হত্যাকাণ্ডটোৰ বহু তথ্য প্রকাশ কৰিছে। তেওঁলোকে প্রকাশ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে যোৱা ২৫ জুলাইৰ মাজনিশা নিজৰ ঘৰৰ শোৱনি কোঠাত নিদ্রিত অৱস্থাত ব্যৱসায়ী গগৈক পত্নী-কন্যা-পুত্ৰৰ সন্মুখতে দুই ঘাতকে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
তেওঁক হত্যা কৰাৰ উদ্দেশ্যে দুই ঘাতক এখন ৰঙা আইটেন গাড়ী (এএছ-০১ ইজি-৯০৭৮)ত গগৈৰ ঘৰলৈ আহে। চাৰি অভিযুক্তৰ পৰিকল্পনা অনুসৰি ঘাতকদ্বয় এনেদৰে গগৈৰ ঘৰলৈ আহে।
হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত ঘাতকদ্বয়ৰ গাড়ীতে ঘাতকদ্বয়ৰ স’তে গগৈৰ পত্নী-পুত্র-কন্যাই দুলীয়া কাকতি গাঁওস্থিত ববী সোণোৱাল গগৈৰ মাতৃগৃহত উপস্থিত হয়। অৱশ্যে হত্যাকাণ্ডটোৰ তদন্তৰ আওতালৈ ববীৰ মাতৃগৃহৰ লোকক আৰক্ষীয়ে অনা নাই।
তদুপৰি ববীৰ পৰকীয়া প্ৰেমিকসকলকো আৰক্ষীয়ে তদন্তৰ আওতালৈ আনিছে নাই সেয়া নিশ্চিত হোৱা নাই। অৱশ্যে আৰক্ষী সূত্ৰই জনোৱা মতে ঘটনাটোত আৰু কে’বাজনো ব্যক্তি জালত পৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে প্রতিষ্ঠিত ব্যৱসায়ীজনক হত্যাৰ পৰিকল্পনা ছমাহ পূর্বে পোৱাৰ তথ্যও পোহৰলৈ আহিছে।
ডেৰমাহ পূর্বে ডাইনীজানত উক্ত আইটেন গাড়ীৰে তেওঁক ঘাতকে খুন্দিয়াই আঘাত কৰে। গাড়ীৰ খুন্দাত তেওঁ পথৰ কাষৰ নলাত পৰে। নলাত নপৰাহেঁতেন দুর্ঘটনাতে তেওঁৰ মৃত্যু নিশ্চিত আছিল। অৱশেষত ঘাতকে তেওঁক যোৱা ২৫ জুলাইৰ নিশা শোৱাপাটিতে হত্যা কৰে।
ইয়াৰ আগদিনাই তেওঁক ঘাতকে হত্যাৰ পৰিকল্পনা কৰিছিল বুলি সূত্রই জনায়। সূত্রই জনোৱা মতে, পিতৃ হত্যাত অভিযুক্ত হোৱা গগৈৰ নাবালিকা কন্যা অত্যন্ত মেধাৱী। ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীত নৱম শ্ৰেণীত অধ্যয়নৰত কন্যাৰ আবদাৰ পূৰণৰ বাবে পিতৃয়ে পাৰ্যমানে সকলো কৰিছিল বুলিও সূত্রই জনায়।






























