বিষাক্ত হৈ ক্রমান্বয়ে পৰিছে বিশাল হিমালয়

ben gao EeITZDXMb0M unsplash 1 scaled e1730106723828 990x490 1

✒️গোলকীয় উষ্ণতা, কাৰ্বন নিঃসৰণৰ মাত্রাধিকতা ক্রমে নিঃশব্দ ঘাতকত পৰিণত হৈছে। পৃথিৱীৰ আদিম সৃষ্টি বিশাল হিমালয় পর্বতমালাও সম্প্রতি এই অভিশাপৰ কবলত পৰিছে। হিমালয়ৰ সিৰে সিৰে পঞ্জীভূত হৈ থকা মেঘৰ ভাণ্ডাৰবোৰত ক্ৰমান্বয়ে মিহলি হৈ পৰিছে প্রাণঘাতী ধাতুৰ বিষ।

ইমানদিনে যি পৱিত্ৰ হৈ আছিল, সেই পাহাৰত সৰি পৰা বৰষুণৰ পানীও এতিয়া বিষাক্ত হৈ পৰিছে। সাম্প্রতিক এক সমীক্ষাত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। সমীক্ষাত কোৱা হৈছে যে যি মেঘ সবাতোকৈ নির্ভেজাল পানীৰ ৰূপত সৰি পৰিছিল, সেই পানীয়েই এতিয়া বিভিন্ন খনিজ পদাৰ্থৰে ভর্তি।

সেই পানী পান কৰিলে স্বাস্থ্যৰ বিশেষকৈ শিশুৰ স্বাস্থ্যৰ ক্ষতি অৱধাৰিত। সাম্প্রতিক সমীক্ষাৰ তথ্য অনুসৰি, হিমালয়ৰ পূৰ্বাঞ্চলৰ প্ৰদূষণ দক্ষিণাঞ্চলৰ তুলনাত অন্ততঃ ডেৰ গুণ বৃদ্ধি পাইছে। এই তথ্যই কপালৰ ভাজ বহল কৰাৰ বাবে যথেষ্ট।

বসু ইনষ্টিটিউট আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ ট্রপিকেল মেটিঅ’লজি মিলি বিগত তিনি বছৰ ধৰি এক সমীক্ষা চলাইছিল। তাতেই দেখা গৈছে যে বর্ষাকালত হিমালয়ৰ পূৰ্বাঞ্চলত যি মেঘ সঞ্চাৰিত হয়, তাৰ মাজত কেডমিয়াম, কপাৰ, জিংকৰ দৰে গধুৰ ধাতুৰ কণা মিহলি হৈ আছে।

চৰিত্ৰ অনুসৰি, এইবোৰ নোহোৱা হৈ নাযায়। ফলত সেই মেঘ বৰষুণৰ ৰূপত পৃথিৱীলৈ নামি আহিলে তাতো সেই ধাতৱ কণাবোৰৰ অস্তিত্ব থাকে. ছায়েন্স এডভান্স নামৰ প্ৰখ্যাত জার্ণেলখনত উক্ত বিজ্ঞানীসকলৰ এখন গৱেষণা পত্র প্রকাশ পাইছে।

তাত স্পষ্টকৈ লিখা হৈছে, ‘শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰত এইবোৰ ধাতুৰ প্ৰভাৱ ডাঙৰসকলৰ তুলনাত কমেও ৩০ শতাংশ আশংকা বৃদ্ধি কৰে। অথচ পূব হিমালয়ৰ ওপৰত সঞ্চাৰিত মেঘ এটা সময়ত ৰোগ নিৰাময়ৰ সবাতোকৈ নিৰাপদ, নির্ভেজাল উৎস আছিল। ইয়াৰ ভিতৰত এতিয়া সর্বোচ্চ হাৰত ক্ৰ’মিয়ামৰ উপস্থিতিয়ে স্বাস্থ্যক্ষেত্রত আশংকা বৃদ্ধি কৰিছে।’

হিমালয়ৰ পার্বত্য অঞ্চলৰ বতাহ, মেঘত কিদৰে ধাতৱ বিষৰ প্ৰৱেশ ঘটিল সেই প্রশ্নও উঠিছে। লগতে প্রশ্ন উঠিছে যে কিদৰে সেইবোৰে আমাৰ শৰীৰত প্ৰৱেশ কৰি বিপদ বঢ়াইছে? সমীক্ষাৰ প্রতিবেদনত কোৱা হৈছে যে পূব হিমালয়ৰ ওখ অঞ্চলত বিভিন্ন কল-কাৰখানা নির্মাণ হৈছে।

তাৰ পৰা বিপুল কার্বন নিঃসৰণ হোৱাৰ লগতে গধুৰ ধাতু ব্যৱহাৰৰ কাৰণে বতাহত সেই ধাতুৰ কণিকা মিহলি হৈ পৰিছে। সেইবোৰ অঞ্চললৈ গ’লে শ্বাস-প্রশ্বাস বা ছালৰ মাধ্যমেৰে শৰীৰত প্ৰৱেশ কৰিছে।

মেঘৰ সংস্পর্শলৈ আহিলে বা বৰষুণত তিতিলেও তাৰ পৰা শৰীৰৰ ক্ষতি হয়। ইমানবোৰ বিপদ বার্তা সত্ত্বেও অৱশ্যে উক্ত সমীক্ষাৰ পৰ্যবেক্ষণত এক ইতিবাচক দিশো পোৱা গৈছে। কোৱা হৈছে যে চীন, পাকিস্তানৰ

তুলনাত ভাৰতৰ মেঘ অনেক কম প্ৰদূষিত। অৱশ্যে ইয়াৰ পৰা আশ্বস্ত হ’বলগীয়া একো নাই। কিয়নো বিষৰ প্ৰভাৱ দ্রুতগতিৰে বাঢ়ি আছে ‘গোলকীয় উষ্ণতা’ নামৰ দানৱৰ অভিশাপত।

Exit mobile version