বিস্ফোৰণত উৰুৱাই দিলে পাকিস্তানী আৰক্ষীৰ বাহন! দুজন নিহত

1754566194 khyber pakhtunkhwa

Pakistan: ✒️বিদ্ৰোহী আক্ৰমণত ৰক্তাক্ত পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশ!তেহৰিক-ই-তালিবানত পাকিস্তান(টিপিপি)ৰ যোদ্ধাসকলে আফগানিস্তান সীমান্তত বিস্ফোৰণত উৰুৱাই দিলে আৰক্ষীৰ বাহন।

বৃহস্পতিবাৰে পুৱা হোৱা এই আক্ৰমণত এজন আৰক্ষী সহ দুজন লোক নিহত হয়। আন পোন্ধৰজন গুৰুতৰভাৱে আহত হয়।

পাকিস্তানৰ সংবাদ মাধ্যম অনুসৰি, ৱানা তহচিলৰ ঘন জনবসতিপূৰ্ণ ৰুষ্টম বজাৰ অঞ্চলত এই আক্ৰমণ সংঘটিত হৈছে।

দক্ষিণ ৱাজিৰস্তানৰ উপ আৰক্ষী অধীক্ষক ইমৰানুল্লাই জনোৱা মতে,পথৰ দাঁতিত বিস্ফোৰক পুতি ৰাখিছিল টিটিপি বাহিনীয়ে । আৰক্ষীৰ এখন বাহন আহি পোৱাৰ লগে লগে ৰিম’ট কণ্ট্ৰ’লৰ জৰিয়তে বিস্ফোৰণৰ ঘটে। আহতসকলৰ ভিতৰত দুজন আৰক্ষীও আছে বুলি দাবী কৰে। বাকীসকল আছিল সাধাৰণ নাগৰিক।

প্ৰসংগক্ৰমে মঙলবাৰে নিশা বেলুচিস্তানৰ নৌস্কি জিলাত বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ আক্ৰমণত এজন মেজৰসহ তিনিজন পাকিস্তানী জোৱান নিহত হয়।

Exit mobile version