Vladimir Putin: ✒️ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ভাৰতৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ৰুছ সংবাদ মাধ্যমক জনাইছে এই কথা। আগষ্ট মাহৰ শেষৰ ফালে ভাৰত ভ্ৰমণ কৰিব পুটিনে।
তেওঁৰ মতে আগষ্ট মাহৰ শেষৰ ফালে নতুন দিল্লীলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব পুটিনে । ইয়াৰ পূৰ্বে অৱশ্যে চাংহাইত অনুষ্ঠিত হোৱা এছচিঅ’ শীৰ্ষ সন্মিলনত মোডী আৰু পুটিনৰ বৈঠক হোৱাৰ সম্ভাৱনা আছে।
দুয়োজনেই সেই সন্মিলনত অংশগ্ৰহণ কৰিব। তাৰ পাছতেই পুটিনৰ ভাৰত ভ্ৰমণ।
২০২১ চনৰ পাছত পুনৰ দিল্লীলৈ আহি আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি।আমেৰিকাৰ স’তে শুল্ক যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ বাবে পুটিনৰ ভ্ৰমণ নিঃসন্দেহে অতি গুৰুত্বপূৰ্ণ।






























