AASU:
অসম চৰকাৰে বিদেশী ন্যায়াধিকৰণত অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ প্ৰদান কৰা নিৰ্দ্দেশৰ সদৌ অসম ছাত্র সন্থাই অতি স্পষ্টভাৱে আৰু দৃঢ়তাৰে তীব্র বিৰোধিতা কৰিছে আৰু অবৈধ বাংলাদেশীৰ ৰক্ষণাবেক্ষণ প্রদান কৰা এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী কৰিছে। অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ প্রদান কৰা এই নিৰ্দ্দেশৰ প্ৰতিলিপি কাইলৈ ৮ আগষ্টত সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব। ৮ আগষ্টত সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ সদৰত এই নিৰ্দ্দেশৰ প্রতিলিপি দাহ কৰি ছাত্ৰ সন্থাই প্রতিবাদ কৰিব।
ছাত্ৰ সন্থাই পুনৰ দৃঢ়তাৰে কয়-যিহেতু ‘কা’খন অপকাৰী বাবে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়বোৰ অঞ্চল আৰু অসমৰ ৮ খন জিলাৰপৰা প্ৰত্যাহাৰ কৰিছে সেয়ে সমগ্র অসমক ‘কা’ৰ আওঁতাৰ পৰা বাহিৰত ৰাখক।
ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয়-অসম চৰকাৰে বিদেশী ন্যায়াধিকৰণত অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ জাৰি কৰা নিৰ্দ্দেশনা কোনো কাৰণত মানি লোৱা নহ’ব। আকৌ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব বিচৰা এই নির্দেশনা বাতিল হ’ব লাগিব। অসম চুক্তিৰ আধাৰত অসমৰ জ্বলন্ত অবৈধ বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান হ’ব লাগিব। অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ পাছত অহা হিন্দু-মুছলমান সকলো অবৈধ বাংলাদেশী বহিষ্কাৰ হ’ব লাগিব। অসমখন অবৈধ বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়।
বিবৃতিটোত কোৱা হয়-কেন্দ্ৰীয় চৰকাৰে অসমৰ ওপৰত অন্যায়ভাৱে ‘কা’ জাৰি ৰাখিছে। ‘কা’খন অপকাৰী, খিলঞ্জীয়া বিৰোধী বাবেই উত্তৰ-পূৰ্বাঞ্চলৰ ইনাৰ লাইন পার্মিট থকা ৰাজ্য ক্রমে মিজোৰাম, নাগালেণ্ড, মণিপুৰ, অৰুণাচল প্ৰদেশৰপৰা প্ৰত্যাহাৰ কৰিলে। উত্তৰ-পূৰ্বাঞ্চলত ষষ্ঠ অনুসূচীৰ এলেকাধীন মেঘালয়ৰ ৯৮% এলেকা, ত্ৰিপুৰাৰ ৭০% এলেকা আৰু অসমৰো বি টি আৰ, পার্বত্য জিলাকে সামৰি ৮ খন জিলাত ‘কা’ প্রযোজ্য নহয়। অর্থাৎ উত্তৰ-পূৰ্বাঞ্চৰ প্ৰায়বোৰ ৰাজ্য আৰু ঠাইত ‘কা’ প্রযোজ্য নহয়।
অসমৰ ৩৫ খন জিলাৰ ২৭ খন জিলাতেই ‘কা’ প্রযোজ্য হৈ আছে। উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ ক্ষতিগ্রস্ত ৰাজ্য হ’ল অসম। ‘কা’খন অপকাৰী, খিলঞ্জীয়া বিৰোধী বাবে অসমৰ ৮ খন জিলাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়বোৰ অঞ্চলৰপৰা ৰেহাই দিয়া হৈছে। সেয়ে অসমখনকো সম্পূর্ণভাবে ‘কা’ৰ আওঁতাৰপৰা আঁতৰাই ৰখাৰ ব্যৱস্থা কৰিবই লাগিব। অসমৰ প্ৰতি চলি থকা এই অন্যায় আৰু অবিচাৰ বন্ধ হ’ব লাগিব।
